/asomiyapratidin/media/media_files/2025/03/04/xIu0r9A1mLdge83PBlZ6.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ শালমৰা আৰক্ষী থানাৰ আৰক্ষীয়ে আজি অভিযান চলাই দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, Crypto TLC 2.0 নামৰ আঁচনিৰ জৰিয়তে বিভিন্ন জনৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল দুই প্ৰবঞ্চক আকিৰুজ্জামান আহমেদ আৰু নুৰ আলম আহমেদৰ বিৰুদ্ধে।
এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আজি মাল্টি লেভেল মাৰ্কেটিঙৰ জৰিয়তে প্ৰৱঞ্চনা কৰি অহা দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে। দক্ষিণ শালমৰা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত এ এছ পি (মুখ্য কাৰ্যালয়)ৰ পৰ্যবেক্ষণত পুৱতি নিশা ৩ বজাত চলিছিল এই অভিযান।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত আকিৰুজ্জামান (২৬) তুমনী ছিমলাৰান্দিৰ বাচেৰ আলীৰ পুত্ৰ। আনহাতে নুৰ আলম আহমেদো একেখন গাঁৱৰে পাছান আলীৰ পুত্ৰ। অভিযানত আৰক্ষীয়ে মুঠ ৫ টা মোবাইল, ৩ টা লেপটপ, ১ টা এটিএম ছুইপ মেচিন, ১১ খন এটিএম কাৰ্ড, ৫ খন বেংক পাছবুক, ক্ৰিপ্টো স্কিমৰ নথিপত্ৰ, ৭ খন চেক বুক আৰু আকিৰুজ্জামানৰ পাছপোৰ্ট জব্দ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে এই দুই ব্যক্তিয়ে ডুবাইৰ লভিছ চৌধুৰী নামৰ এজন ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে। এইগৰাকী ব্যক্তিয়ে পূৰ্বে হিমাচল প্ৰদেশত ৫০০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হৈছিল। তেওঁৰ লগতে আটকাধীন দুই ব্যক্তিয়ে গুৱাহাটীৰ গ্ৰীণ উড ৰিজ’ৰ্টত এক বৈঠকতো মিলিত হৈছিল।
তেওঁলোকৰ এই স্কিমত ১ লাখৰো অধিক সদস্য অন্তৰ্ভুক্ত হৈছিল। এই সদস্যসকলৰ পৰা ২০০ কোটিৰো অধিক টকা বিদেশলৈ সৰবৰাহ কৰা হৈছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ক্ৰিপ্টো স্কিমৰ ৱেবচাইট আমেৰিকা আৰু জাৰ্মানীৰ পৰা পৰিচালনা কৰি থকা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে সবিশেষ তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰিছে আৰু তদন্তৰ বাবে ভাৰত চৰকাৰৰ Indian Cyber Crime Coordination Centre (I4C) ৰ পৰা সহায় বিচাৰিছে।তাৰোপৰি ইয়াৰ সৈতে জড়িত অন্যান্য লোকসকলৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে।