দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

ডিজিটেল সংবাদ, ওদালগুৰিঃ "দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ যোগ্য প্ৰাৰ্থী নাছিল। বিজেপিৰ পৰামৰ্শ মতেহে কংগ্ৰেছ দলটোৱে সমষ্টিটোত মাধৱ ৰাজবংশী প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে। দিলীপ শইকীয়া আৰু মোৰ পৰা কংগ্ৰেছ দলে পৰামৰ্শ বিচৰাত আমি সমষ্টিটোত মাধৱ ৰাজবংশীক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে পৰামৰ্শ দিছো।" এই মন্তব্য কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ। দেওবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াত নৱগঠিত ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি-ইউপিপিএলৰ অসম গণ পৰিষদ মিত্ৰজোটৰ মূখ্য কাৰ্যালয়টো উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানতে বিধায়কগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে।

আজি ওদালগুৰি চহৰৰ ৰামজানকী চকত অস্থায়ী মুখ্য নিৰ্বাচনী কাৰ্যালয়টো দিনৰ প্ৰায় ১০-৩০ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। এই উপলক্ষে অনুষ্ঠিত এক সভাত সমষ্টিটোৰ প্ৰাৰ্থী দিলীপ শইকীয়াই উপস্থিত দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি কয়, "সকলোৱে নিৰ্বাচনৰ বাবে সাজু হ'বৰ হ'ল। বুথ জিকিলেহে নিৰ্বাচন জিকিম। সমষ্টিটোৰ অন্তৰ্গত প্ৰতিখন জিলাৰ কৰ্মকৰ্তাই সংশ্লিষ্ট জিলাৰ দ্বায়িত্ব পালন কৰিব। বিজেপি, ইউপিপিএল, অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে যৌথভাৱে সমষ্টিটোত নিজৰ দ্বায়িত্ব পালন কৰি যাম। বিগত পাঁচ বছৰত যিমানখিনি কাম কৰিলো, ইয়াৰ বাবে কোনোৱা সন্তুষ্ট আৰু আন কোনোৱা অসন্তুষ্ট হব পাৰে। কিন্তু আগন্তুক পাঁচ বছৰত আন বহুতো কাম কৰাৰ বাবে সমষ্টিৱাসীৰ ওচৰত দ্বায়বদ্ধ থাকিম। পদুম ফুলত ভোট দি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰাটো আমাৰ সকলোৰে লক্ষ্য হব লাগে।"

ইফালে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি বিজেপি প্ৰাৰ্থী শইকীয়াই কয় "দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ ক্ষেত্ৰত জনসাধাৰণে সৰ্বতোপ্ৰকাৰে সংকল্প লৈছে। গতিকে আমি আশাবাদী যে সমষ্টিটোত মই বিপুল ভোটৰ ব্যৱধানত জয়ী হম।" লগতে তেখেতে সমষ্টিটোৰ বিৰোধী দলৰ ভোটখিনি ক্ৰমে কংগ্ৰেছ আৰু বিপিএফ দলে দুটা ভাগত লাভ কৰিব বুলি উল্লেখ কৰে।

মুখ্য কাৰ্যালয় উদ্বোধন অনুষ্ঠানত লোকসভা সমষ্টিটোৰ দ্বায়িত্বত থকা তথা কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে "সন্মুখত নিৰ্বাচন আহিছে, গতিকে প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজৰ নিজৰ দ্বায়িত্বসমূহ পালন কৰি আগবাঢ়িব লাগিব। কেৱল মাত্ৰ এজনে আনজনৰ ওপৰত ভৰষা কৰি আগবাঢ়িলে নহ'ব। নিজৰ দ্বায়িত্বসমূহ নিজে পালন কৰিব লাগিব। অনায়সে জিকিম বুলি হাত সাৱতি বহি নাথাকিব।"

উক্ত অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, ৰাজ্যিক তথ্য আৰু প্ৰযুক্তি কোষৰ আহ্বায়ক নীলিমা দেৱী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং-লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমূহৰ সভাপতিসকল, বিভিন্ন মৰ্চা আৰু মণ্ডলৰ সভাপতিসকলকে আদি কৰি বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন
আই কনকলতা মহিলা তীৰ্থৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in