অসমত মোডীৰ গেৰেণ্টীৰ লগতে মামাৰ ৱাৰেণ্টী চলিবঃ মুখ্যমন্ত্ৰী

অসমত মোডীৰ গেৰেণ্টীৰ লগতে মামাৰ ৱাৰেণ্টী চলিবঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আজি আছিল অন্তিমটো দিন। অন্তিম দিনটোত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে ৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইয়াৰ ভিতৰত অন্যতম আছিল এনডিএৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়া। শইকীয়াৰ মনোনয়ন দাখিল উপলক্ষে ওদালগুৰিত তিনিটা দল ক্ৰমে বিজেপি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। এই উপলক্ষে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক বিশাল সভা অনুষ্ঠিত হয়।

হাজাৰ হাজাৰ সমৰ্থক উপস্থিতি থকা এই সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় "আজি আমাৰ বাবে এক আনন্দৰ দিন। যেতিয়া এগৰাকী ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজৰ আশীৰ্বাদ লৈ মনোনয়ন দাখিল কৰিবলৈ যায়, সেই দিনটো জীৱনত সদায় মনত থাকে। আজি ৰাইজে বিচাৰে যে ভাৰতবৰ্ষত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব লাগে নৰেন্দ্ৰ মোডী। আমি দিলীপ শইকীয়াক ভোট দি জয়ী কৰালে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

ইফালে এক লাখ চাকৰি সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই ক‌য় যে "যিহেতু এক লাখ চাকৰি অতিক্ৰম হৈ গ'ল, গতিকে এক লাখৰ লগত আকৌ ৫০ হাজাৰ চাকৰি যোগ কৰি ডেৰ লাখ কৰি দিলো। এতিয়া চাকৰিৰ দালাল নোহোৱা হৈছে। গতিকে ল'ৰা-ছোৱালীবোৰে পৰীক্ষা কেতিয়া হব সুধি থাকে। আগন্তুক জুলাই মাহত আৰক্ষীৰ লগতে তৃতীয় চতুৰ্থ বৰ্গৰো পৰীক্ষা অনুষ্ঠিত হব। লগতে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ পদৰ সংখ্যা ৩৫ হাজাৰৰ পৰা ৫০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে।" দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্য আখ্যা দি সেই সূৰ্যৰ পোহৰত হে চন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহ উজ্বলি থাকিব পাৰে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত প্ৰকাশ কৰে।

ইয়াৰ পাছতেই দিলীপ শইকীয়াক লগত লৈ মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োসহ সকলো নেতা-সমৰ্থক ৰাওনা হয় ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ। খোলা জীপত উঠি মুখ্যমন্ত্ৰী গৰাকীয়েও ৰাইজৰ লগত সমদলত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী শৰ্মা, প্ৰাৰ্থী দিলীপ শইকীয়াসহ ৫গৰাকী নেতাৰ উপস্থিতিত প্ৰাৰ্থীগৰাকীৰ হৈ মনোনয়ন দাখিল কৰে। এই মনোনয়ন দাখিল কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ নেতা কমলা কলিতা, মন্ত্ৰী ৰঞ্জিৎ দাস, চন্দ্ৰ মোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা, ইউজি ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, জলেন দৈমাৰী, দিগন্ত কলিতা, পৰমানন্দ ৰাজবংশীৰ লগতে বিটিআৰৰ কেইৱাগৰাকীও ইএম, এমচিএলএ উপস্থিত থাকে।

ইফালে আজিৰ দিনটোত লোকসভা সমষ্টিটোৰ বাবে ভাৰতীয় গণ পৰিষদৰ বীৰেণ বাছাক, নিৰ্দলীয় প্ৰাৰ্থী ডানিয়েল মাৰ্দী, ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰুৱা, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ আব্দুল হামিদে মনোনয়ন দাখিল কৰে। ইয়াকে লৈ সমষ্টিটোত মুঠ ১১গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।

অসমত মোডীৰ গেৰেণ্টীৰ লগতে মামাৰ ৱাৰেণ্টী চলিবঃ মুখ্যমন্ত্ৰী
আব্দুৰ ৰছিদ মণ্ডল আৰু ৰমেন বৰঠাকুৰক কাৰণ দৰ্শোৱাৰ জাননী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in