/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8d06858d-f8a2-4fed-acf1-9d842d342d03/boko_09.jpg)
boko protest boko protest
ডিজিটেল সংবাদ,বকোঃ অসম-মেঘালয় সীমা সমস্যাই পুনৰ বকোত চেঁপা উত্তেজনা বিৰাজ কৰিছে । ঘটনাৰ বিৱৰণ মতে কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত পাহাৰীয়া এলেকা লাম্পিত অসম বিদ্বেষীয়ে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ'বলৈ হেঁচা প্ৰয়োগ কৰি আহিছে ।
লাম্পিৰ একাংশ লোকে বকোলৈ আহি বকো থানাৰ সমীপত 'আমি মেঘালয়ত চামিল নহওঁ ', 'আমাক সুৰক্ষা দিয়ক' , ' মেঘালয় গ' বেক ' আদি বিভিন্ন প্ৰতিবাদী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । জানিবপৰা মতে অসম-মেঘালয় সীমান্তৰ পৰা অসমৰ ভৌগোলিক সীমাৰ প্ৰায় তিনি কিলো মিটাৰ ভিতৰৰ চোমৰাং নামৰ গাঁৱখনৰ ৰাইজক অসম বিদ্বেষী চক্ৰ এটাই মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ'বলৈ দীৰ্ঘদিন ধৰি হেঁচা প্ৰয়োগ কৰি আহিছে ।
মূলতঃ গাৰো লোকৰ বসতি প্ৰধান গাঁৱখনৰ ৰাইজে কোনো কাৰণতে মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল নহয় বুলি অসম বিদ্বেষী চক্ৰটোক সকিয়াই দিয়াৰ লগতে চক্ৰটোৰ পৰা চৰকাৰৰ ওচৰত চোমৰাঙবাসীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । অসম বিদ্বেষী চক্ৰটোৰ এনে হেঁচাৰ বিৰুদ্ধে কোনো কামত নাহিব বুলি ভাবিয়েই লাম্পিৰ চোমৰাঙবাসীয়ে এতিয়ালৈকে লাম্পি পহৰা চকী নাইবা বকো থানাত জনোৱা নাই বুলি জনিবলৈ দিছে ।
অৱশ্যে লাম্পিৰ প্ৰায় ২৫ জনীয়া দলটোৱে বকোত হাতে হাতে নাম ফলকলৈ এনেধৰণে প্ৰতিবাদ কৰাত বিষয়টো আৰক্ষী-প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । আনহাতে শনিবাৰে লাম্পিৰ সীমা সমস্যাৰ বিষয়ে বুজ ল'বলৈ সীমান্তৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰা আহিব বুলি প্ৰচাৰ হৈছে যদিও বকোৰ আন এটা মহলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আহিব বুলি প্ৰচাৰ চলাইছে ।
গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ নেতৃত্বত লাম্পিলৈ আহিব লগা দলটোক চোমৰাঙৰ সমস্যাৰ বিষয়ে জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে বৃহস্পতি বাৰে চোমৰাঙৰ দল এটাই বকোলৈ আহি মেঘালয় বিদ্বেষীৰ আগ্ৰাসন সন্দৰ্ভত সংবাদ মাধ্যমক জনাইছিল।