সাহিত্য সভাৰ বাবে লখিমপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা

লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ মণি কাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিবেশন চলি আছে।
সাহিত্য সভাৰ বাবে লখিমপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ মণি কাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিবেশন চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত অহা ৩ ফেব্ৰুৱাৰী শুকুৰবাৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।

জিলা উপায়ুক্ত শোণিত সত্বাৱনৰ বৃহস্পতি বাৰে স্বাক্ষৰিত পি ই আৰ-৩৬/৭২/২০২৩ পি ই আৰ এল কে পি আৰ নম্বৰৰ এক নিৰ্দেশনা যোগে এন আই এক্ট ১৮৮১ৰ অধীনত জাৰিছে এই বন্ধ। এই স্থানীয় বন্ধৰ ঘোষণা শিক্ষানুষ্ঠানৰ পৰীক্ষা , সাক্ষাৎকাৰ ,গুণোৎসৱ আদি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি জানিবলৈ দিছে ।

আৰু পঢ়ক: দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভায়েক-ভনীয়েকক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in