ৰঙিয়া আৰক্ষীৰ অভিযানত ২ সুদখোৰ আটক

ৰঙিয়া আৰক্ষীৰ অভিযানত ২ সুদখোৰ আটক

ডিজিটেল সংবাদ, ৰঙিয়াঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰঙিয়া আৰক্ষীয়েও অভিযান চলাই ২ জনকৈ সুদখোৰক আটক কৰিবলৈ সক্ষম হৈছে । ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলায় ।

অভিযানত ধৃত সুদখোৰ দুটা ৰাজু আলী (৩৫), দিলোৱাৰ হুছেইন (৩৮) বুলি আৰক্ষী সূত্ৰই জনায় । আটকাধীন কেইজনক অধিক সুদখোৰ বিচাৰি সোধ পোচা আৰক্ষীয়ে অব্যাহত ৰাখিছে । ইপিনে বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, ৰঙিয়া আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু এই খবৰ বিয়পি পৰাত বহু সুদখোৰে আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

ৰঙিয়া আৰক্ষীৰ অভিযানত ২ সুদখোৰ আটক
জন্ম হোৱাৰ কেইদিনমান পাছতেই নৱজাতকক হত্যা কৰি পেলাই থৈ গ'ল হাবিৰ মাজত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in