ৰং-তুলিকাৰে কলিয়াবৰ মহাবিদ্যালয় সজোৱাত ব্যস্ত এদল চিত্ৰশিল্পী

ৰং-তুলিকাৰে কলিয়াবৰ মহাবিদ্যালয় সজোৱাত ব্যস্ত এদল চিত্ৰশিল্পী

author-image
asomiyapratidin
New Update
ৰং-তুলিকাৰে কলিয়াবৰ মহাবিদ্যালয় সজোৱাত ব্যস্ত এদল চিত্ৰশিল্পী

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহাবিদ্যালয়ৰ চাৰিবেৰ ৰং তুলিকাৰে সজাবলৈ দোভাগ নিশা হাতত ব্ৰাছ তুলি ল'লে ব্যতিক্ৰমী চিত্ৰশিল্পী নীলিম মহন্তই l

কলিয়াবৰত উপস্থিত হৈ চিত্ৰশিল্পী নীলিম মহন্তৰ টীম লিভিং আৰ্টৰ পাঁচগৰাকী চিত্ৰশিল্পীয়ে নিশাটো ৰং তুলিকাৰে মহাবিদ্যালয়খনৰ চাৰিবেৰত অংকণ কৰে নয়নাভিৰাম চিত্ৰ।

সোনালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান আটকধুনীয়া কৰি তুলিবৰ বাবে¸মহাবিদ্যালয়ৰখনৰ ছাত্ৰ-ছাত্ৰীয়েও বেৰ সমূহত অংকন কৰে দৃষ্টিনন্দন চিত্ৰ।

কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান কলিয়াবৰ মহাবিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫,১৬ আৰু ১৭ মে'ত অনুষ্ঠিত হ'ব সোনালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান।

যাৰ বাবে এতিয়া মহাবিদ্যালয়খন সজাই-পৰাই তোলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে।

আৰু পঢ়ক: মাতৃ দিৱসৰ দিনাই অসম লেখিকা সমাজৰ দিনযোৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান…

assam kaliabor