/asomiyapratidin/media/media_files/2025/05/11/HFwK9cjucKwHNdIsyZU4.jpg)
দেশত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতেই ১১ মে', দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা হৈছে। যোৱা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া।
-
May 12, 2025 22:19 IST
নগাওঁ জিলাৰ শেহতীয়া ফলাফল
ৰূপহীহাট বিধান সভা সমষ্টিৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থী সকল ক্ৰমে-
- বগুৰিগুৰী গাঁও পঞ্চায়তৰ চাবিনা ইয়াছমিন
- চতিয়ান চতিয়ান গাঁও পঞ্চায়তত এলিজা খাতুন
- গদাইমাৰী গাঁও পঞ্চায়ত নাছিমা বেগম
- ভুৰবন্ধা গাঁও পঞ্চায়তত ফাইজুল ইছলামগাঁও পঞ্চায়তত এলিজা খাতুন
- ফাঁকলি গাঁও পঞ্চায়তত শ্বেহনাজ মাচুম
- ধিংবৰী চাপৰি গাঁও পঞ্চায়ত আবু বক্কৰ
- বৰঘুলি গাঁও পঞ্চায়তত হিচবুল মোজাহিদ
- আলিটাঙনী জামুগুৰি গাঁও পঞ্চায়তত মাৰোফা নাৰ্গিছ
- দগাওঁ ধিং গাঁও পঞ্চায়তত হাফিজা খাতুন
সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত বিজয়ী আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ক্ৰমে-
- ফুটালজাৰ গাঁও পঞ্চায়তত বিজেপিৰ মলফুজা বেগম
- বৰালিমাৰী ফুৰহানীআটি গাঁও পঞ্চায়ত AGP ৰ আব্দুল আজিজ
চামগুৰি সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীসকল
- ভাটিয়াখালি গাঁও পঞ্চায়তত নিলোফা চুলতানা।
- কাঠপাৰাত গাঁও পঞ্চায়তত আৰ্শ্বাদ আলী।
- দক্ষিণ খাটোৱাল গাঁও পঞ্চায়তত ৱাহিদুজ জামান।
- হাতীপুখুৰী গাঁও পঞ্চায়ত ফেৰদৌচি ইয়াছমিন চৌধুৰী।
- ভকতগাঁও পঞ্চায়তত চাবিনা য়েছমিন।
- বৰবেটি গাঁও পঞ্চায়তত ৰুবিয়া চুলতানা।
- বৰঘাটত গাঁও পঞ্চায়তত নাচৰিনা ইয়াছমিন।
- জিউমাৰী গাওঁ পঞ্চায়তত মহচিনা আফৰুজ।
সমষ্টিটোৰ বিজেপিৰ সমৰ্থিত জয়ী হোৱা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সকল ক্ৰমে-
- কাৱৈমাৰী গাঁও পঞ্চায়তত ৰজিনা বেগম।
- গড়াজান গাঁও পঞ্চায়ত সিদ্ধাৰ্থ মণ্ডল।
- বেলুগুৰি ডিফুলু গাঁও পঞ্চায়তত দিল আফৰুজা খাতুন।
- বাজিয়াগাঁও পঞ্চায়তত মহচিনা খাতুন।
- গেৰুৱা গাওঁ পঞ্চায়তত তাইজুল ইছলাম।
-
May 12, 2025 21:58 IST
টছত জয়ী ৰহাৰ পূৰৱী ৰাজখোৱাৰ
টছত জয়ী ৰহাৰ ১০১নং প্ৰমিলা পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী পূৰৱী ৰাজখোৱা ৷ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সৈতে সমানে ৬১৮ টা ভোট লাভ কৰিছিল পূৰৱীয়ে ৷ টছত শেষ হাঁহি পূৰৱী ৰাজখোৱাৰ।
-
May 12, 2025 21:15 IST
নগাঁও জিলা পৰিষদৰ সংখ্যালঘূ এলেকাত মেজিক দেখুৱাবলৈ সক্ষম নহ'ল মিত্ৰজোঁট
বিজেপি মিত্ৰজোঁটে নগাঁও জিলাৰ ১৪ খন জিলা পৰিষদৰ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ১৩ খন আসন দখল কৰিবলৈ সক্ষম হয়। এইবাৰৰ নিৰ্বাচনত সংখ্যালঘূ এলেকাত বিজেপি অগপই মেজিক দেখুৱাবলৈ সক্ষম নহ'ল । সংখ্যালঘূ ভোটাৰে বিজেপি অগপক নসাৎ কৰা পৰিলক্ষিত হয় ।
নিৰ্বাচনী ফলাফল অনুসৰি নগাঁও জিলাৰ জিলা পৰিষদৰত (৭টা বিধানসভা সমষ্টি) বিজেপিয়ে ১১খন আসন লাভ কৰে । বিপৰিতে অগপই ৩ খন আসন লাভ কৰে। ইফালে কংগ্ৰেছ দলে লাভ কৰা আসনৰ সংখ্যা ১৩খন ।
নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত ভোটাই-পাথৰি: স্বপ্নালী চাংকাকতি (বিজেপি) , কাছমাৰিত প্ৰাঞ্জল দাস (বিজেপি), উৰিয়াগাঁৱত গীতাঞ্জলী হাজৰিকা (বিজেপি/অপ্ৰতিদ্বন্দী) বিজয় হয় ।
বঢ়মপুৰ বিধানসভাত বঢ়মপুৰ: সুনীতা ইংতিপি (বিজেপি/অপ্ৰতিদ্বন্দী),যমুনামুখ: পূৰবী বৰদলৈ (বিজেপি/অপ্ৰতিদ্বন্দী) , কঠিয়াতলীত ৰম্ভা লইং (বিজেপি/অপ্ৰতিদ্বন্দী), পুৰণিগুদামত মিণ্টু শৰ্মা (বিজেপি) বিজয় হয় ।
চামগুৰি বিধানসভাত বাজিয়াগাঁৱত মমতাজ বেগম (কংগ্ৰেছ), ভকতগাঁৱত মোস্তান কেন্দুৱাই (কংগ্ৰেছ), গড়াজানত মমতাজ বেগম (কংগ্ৰেছ) আৰু শিঙিমাৰীত ইব্ৰাহিম আলী (কংগ্ৰেছ) বিজয় হয় ।
ৰূপহীহাট বিধানসভাত
আলিটাঙনি দ'গাঁৱত আচফিয়া চেমিম - (কংগ্ৰেছ), ফাকলি: ৰাহানা ৰহমান চৌধুৰী - (কংগ্ৰেছ) , জুৰীয়াত নাজমা চৌধুৰী (কংগ্ৰেছ),মাহেৰীপাৰ বৰঘূলিত মস্কুৰ হুছেইন (কংগ্ৰেছ) হিজয় হয়ধিং বিধানসভাত আমলখি চহৰীয়াত নাৰ্গিছ পাৰবীন (কংগ্ৰেছ) , বালিসত্ৰত খালিদা য়াছমিন (কংগ্ৰেছ) , বেছামাৰীত মতিউৰ ৰহমান (কংগ্ৰেছ), লহকৰ: বাবুল আলী (কংগ্ৰেছ) বিজয় হয় ।
কলিয়াবৰ বিধানসভাত আমবাগানত জয়শ্ৰী মণ্ডল (অগপ), চতিয়াল পূৱথৰীয়াত পূণ্যলতা বৰুৱা (অগপ/অপ্ৰতিদ্বন্দী), দ্বাৰ বাগৰিত জিতেন গৌৰ (বিজেপি) , দ্বাৰ শালনা: অনিল ঠাকুৰ (অগপ) বিজয় হয় ।
আনহাতে ৰহা বিধানসভাৰ চাপৰমুখত জোনালীম দাস (বিজেপি), মাধাৱপাৰাত আব্দুল জাব্বাৰ (কংগ্ৰেছ), পাখিমুৰীয়া জামুগুৰি: অৰ্ণৱ দাস (বিজেপি), ফুলগুৰি বাৰপূজীয়া ৰূপজ্যোতি বৰদলৈ দাস (বিজেপি) বিজয় হয় ।
-
May 12, 2025 20:27 IST
বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ
- বৰগছৰ পুলি ৰোপণেৰে পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ
- জয়ী প্ৰাৰ্থীক পঞ্চায়ত চৌহদত গছপুলি ৰোপনেৰে কাৰ্যকাল আৰম্ভ কৰাৰ আহ্বান বিধায়ক মৃণাল শইকীয়াৰ
-
May 12, 2025 18:14 IST
কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীৰ সবিশেষ
কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ আসনৰ বিজয়ী প্ৰাৰ্থীৰ তালিকা -
বিজেপি
১ তাপাঙ বৰচাঙন- নৃপেন্দ্ৰ চন্দ্ৰ দাস ( বৰখলা সমষ্টি)
২ ডলু- বৰখলা- কংকন নাৰায়ণ চিকাৰ ( বৰখলা বিধান সভা সমষ্টি)
৩ ৰংপুৰ : জোনাকী দাস ( উদাৰবন্দ সমষ্টি)
৪ উদাৰবন্দ - ৰোহিত সিং ( উদাৰবন্দ সমষ্টি)
৫ আৰকাটিপুৰ- পুষ্পা ৰবিদাস ( উদাৰবন্দ সমষ্টি)
৬ - চালগংগা - দিপ্তী শুক্লবৈদ্য (উদাৰবন্দ সমষ্টি)
৭ কাটিগৰা- লক্ষীপুৰ - প্ৰমিলা বৈষ্ণৱ ( কাটিগৰা সমষ্টি)
৮ ধলাই - নৰছিংপুৰ - পম্পি নাথ চৌধুৰী (ধলাই সমষ্টি)
৯- আইৰংমাৰা,- সোনাচৰা- ধৰ্মেন্দ্ৰ তিওৱাৰী ( ধলাই সমষ্টি)
১০- শিলকুৰি- চাতলা- স্বৰস্বতী ৰবিদাস ( বৰখলা সমষ্টি)
১১- গংগানগৰ- ৰুকনী- মিহিৰ কান্তি ৰয় ( ধলাই সমষ্টি)
১২- কালীবাৰী- বিক্ৰমপুৰ - পম্পি দাস ( কাটিগৰা সমষ্টি)
১৩- বৰথল হৰিনগৰ বিজেয়তা মাহাতো ( লক্ষীপুৰ সমষ্টি)
১৪- লক্ষীনগৰ- দিলখোজ সীমা দেৱ (লক্ষীপুৰ সমষ্টি)
১৫- বিন্নাকান্দি - ভুবনহিল কিষান ৰিকিয়াছন (লক্ষীপুৰ সমষ্টি)
১৬ দেৱান- পালেৰবন্দ - দেৱ জ্যোতি বাউৰী (লক্ষীপুৰ সমষ্টি)
কংগ্ৰেছ১ - নুৰ ইছলাম বৰভুঞা ( শিলচৰ সমষ্টি)
২- শ্যামাচৰণপুৰ - ছেওৰাথল চালনা আখতাৰ লস্কৰ ( ধলাই সমষ্টি)
৩- মহাদেবপুৰ- গুমৰা - ত্ৰয়োবাসী দাস ( কাটিগৰা সমষ্টি)
৪- দিদাৰখোছ - নগদিৰগ্ৰাম- ছাহিল আহমেদ লস্কৰ ( সোণাই সমষ্টি)
৫ - শিবপুৰ- বাঁচকান্দি- ৰুহিদা খানম লস্কৰ (সোণাই সমষ্টি)
৬- বাগপুৰ - সোণাবাৰীঘাট- ৰুমি বেগম লস্কৰ ( সোণাই সমষ্টি)
৭- মোহনপুৰ- ছালচাপৰা- নজৰানা বেগম মজূমদাৰ ( কাটিগৰা সমষ্টি)নিৰ্দলীয়
১. ভুবনেশ্বৰ- শ্ৰীকোণা: ফৰিদা পাৰবিন লস্কৰ ( বৰখলা সমষ্টি)
আৰু
২. কাপ্তানপুৰ - কাজিডহৰ- চুফিয়ান আহমেদ লস্কৰ (সোণাই সমষ্টি) -
May 12, 2025 18:12 IST
বিজেপিৰ দখলত গহপুৰ বিধান সভা সমষ্টিৰ আটাইকেইখন জিলা পৰিষদ
গহপুৰ বিধান সভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি প্ৰাৰ্থীয়ে বিশেষ ভাবে প্ৰভাৱ বিস্তাৰ কৰি বিজয় সাব্যস্ত হয়। ঘোষিত ফলাফল অনুসৰি কলাবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিতুল হাজৰিকাই সৰ্বাধিক ১৬,৩২৭ টা ভোটৰ ব্যৱধানত চমকপ্ৰদ সফলতা অৰ্জন কৰে। তথ্য অনুসৰি- লোহিতমুখ জিলা পৰিষদত লক্ষ্য মিলি(বিজেপি)য়ে ১৫,৮৬৭ টা ভোট,জনতা কাৰ্ডং(নিৰ্দলীয়)য়ে ১০,৪১৯ টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামু পাটগিৰিয়ে লাভ কৰে ৬৫৩৮ টা ভোট।কলাবাৰী জিলা পৰিষদত নিতুল হাজৰিকা(বিজেপি)ই ২১,১০৬ টা ভোট,হেমন্ত বৰা(কংগ্ৰেছ)ই ৪৭৭৯ আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱজ্যোতি নেওগে লাভ কৰে ৪৫১৩ টা ভোট লাভ। হেলেম(ক) জিলা পৰিষদত নিৰণ হাজৰিকা(বিজেপি)ই ১৭,২৪৭ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ কমল হাজৰিকাই লাভ কৰে ৫৪৬৪ টা ভোট।
একেদৰে,হেলেম(খ) জিলা পৰিষদত দিপালী দেৱী(বিজেপি)য়ে ১৪,৩২৪ টা ভোট আৰু কংগ্ৰেছৰ ৰাহিল গুড়ীয়াই লাভ কৰে ৪২০০ টা ভোট।উল্লেখযোগ্য যে-এইবাৰ পঞ্চায়ত নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ আছিল কলাবাৰী আৰু লোহিতমুখ জিলা পৰিষদত।কাৰণ উক্ত দুই জিলা পৰিষদত বিজেপিৰ টিকট নোপোৱাৰ ক্ষোভত নৱজ্যোতি নেওগ(কলাবাৰী) আৰু জনতা কাৰ্ডং(লোহিতমুখ)য়ে নিৰ্দলীয়কৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।ইয়াৰে নৱজ্যোতি নেওগে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে যদিও খুব কম দিনৰ ভিতৰত তেওঁ ৪৫১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।
ইপিনে লোহিতমুখ জিলা পৰিষদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা আন গৰাকী নিৰ্দলীয় প্ৰাৰ্থী জনতা কাৰ্ডং পৰাজিত হ'লেও যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।বিজেপিৰ বিৰূদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুজঁ দিয়া জনতা কাৰ্ডঙে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া খাৰৈপৰীয়া,বৰতামুলী, ৰাওনামুখ,লোহিতমুখ আৰু পিছলা সোৱণশিৰীত তীব্ৰ যুজঁ দিবলৈ সক্ষম হয়। সোণাপুৰ, ঘগৰা আৰু সোলেঙীগুৰী গাঁও পঞ্চায়তত লাভ কৰা ভোটৰ ব্যৱধান বেছি হোৱাৰ কাৰণে জনতা কাৰ্ডং প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়।
গহপুৰ বিধান সভা সমষ্টিৰ মিছিং অধ্যুষিত পঞ্চায়ত পাঁচখনৰ ভোটাৰ ৰাইজে বিজেপিৰ চমকপ্ৰদ ঢৌত একপক্ষীয় ভাবে উটি ভাহি নগৈ নিৰ্দলীয় প্ৰাৰ্থী জনতা কাৰ্ডঙৰ পক্ষতো লেখত লবলগীয়া ধৰণে ভোট প্ৰদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।মিছিং অধ্যুষিত উক্ত পাঁচখন পঞ্চায়তৰ ভিতৰত পিছলা সোৱণশিৰী,খাৰৈপৰীয়া আৰু লোহিতমুখত জনতা কাৰ্ডং জয়ী হোৱাৰ বিপৰীতে আন দুখন পঞ্চায়ত বৰতামুলী আৰু ৰাওনামুখত বিজেপিৰ লক্ষ্য মিলিৰ লগত তুমুল যুজঁ হোৱা বুলি প্ৰাপ্ত তথ্যই স্পষ্ট কৰিছে।মিছিং অধ্যুষিত এলেকাৰ উক্ত পাঁচ খন পঞ্চায়তৰ মিছিং ভোটাৰ ৰাইজৰ লেখত লবলগীয়া এটা শিৱিৰে বিজেপিক ভোট দিয়াৰ পৰিবৰ্তে নিৰ্দলীয় প্ৰাৰ্থী জনতা কাৰ্ডঙৰ প্ৰতি সমৰ্থন দিয়া কাৰ্য্যই গহপুৰৰ ৰাজনৈতিক পৰ্য্যবেক্ষক সকলৰ মাজত অন্যতম চৰ্চাৰ কাৰণ হৈ পৰিছে।
ইপিনে, সমষ্টিটোৰ ২৮ খন আঞ্চলিক পঞ্চায়তৰ ২৩ খনত বিজেপিৰ প্ৰাৰ্থী,এখনত নিৰ্দলীয় প্ৰাৰ্থী আৰু ৪ খনত জয়লাভ কৰে অগপৰ প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে-অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে গহপুৰত। ৰিপুন বৰাই গহপুৰত নিজেই এইবাৰৰ নিৰ্বাচনটোক নেতৃত্ব দিছিল। একেৰাহে ১৫ বছৰ গহপুৰত শাসন চলোৱা কংগ্ৰেছ দলটোৰ অৱস্থা শেহতীয়া পঞ্চায়ত নিৰ্বাচনত অতি পুতৌজনক হৈ পৰে।পূৰ্বৰ তুলনাত গহপুৰ সমষ্টিত যথেষ্ট কমি আহিছে কংগ্ৰেছৰ ভোট। ঘোষিত ফলাফলত চাৰিখন জিলা পৰিষদ মিলাই কংগ্ৰেছে পোৱা ভোটৰ সংখ্যা হৈছে ২১,৬১৮ টা। তদুপৰি গহপুৰত এখনো আঞ্চলিক পঞ্চায়তৰ আসন দখল কৰিব নোৱাৰিলে কংগ্ৰেছ দলে। ইয়াৰ বিপৰীতে অপ্ৰতিৰোধ্য হৈ আছে বিজেপিৰ বিজয় যাত্ৰা।
-
May 12, 2025 18:06 IST
বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কেন্দ্রত অঘটন
বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কেন্দ্রত অঘটন
কেন্দ্রটোত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলৰ আকস্মিক মৃত্যু
মৃত আৰক্ষী কনিষ্টবলজনৰ নাম শ্যামল চন্দ্র ৰায়
নিশা কৰ্তব্য পালন কৰি থকা অৱস্থাতে মৃত্যু কনিষ্টবলজনৰ
চাপৰ আৰক্ষী থানাত নিয়োজিত হৈ আছিল কনিষ্টবলজন
-
May 12, 2025 18:04 IST
কিয় কান্দোনত ভাগি পৰিল কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী?
দৰং জিলাৰ মঙলদৈ সদৰ সমষ্টিৰ মোৱামাৰী জিলা পৰিষদত জয়ী হয় কংগ্ৰেছৰ প্ৰাৰ্থী মুক্তা দেৱী মণ্ডল। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি দাসক ১৫২৮০ টা ভোটৰ ব্যৱধানত জয় লাভ কৰি হুকহুকাই কান্দি পেলায় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে।নিৰ্বাচনী ভোট গ্ৰহণৰ দিনা বিজেপি দলৰ সতে হোৱা সামান্য মতানৈক্যৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল প্ৰাৰ্থীগৰাকীৰ স্বামী। তিনি দিন ধৰি মুক্তা দেৱী মণ্ডলৰ স্বামী মঙলদৈ জে'লত বন্দী হৈ আছে। মুক্তা দেৱী মণ্ডলে জয় লাভ কৰিয়েই মনত পেলালে স্বামীক। মঙলদৈ জেলত গৈ পতিক লগ কৰিব বুলিও কয় বিজয়ী প্ৰাৰ্থীগৰাকীয়ে।
উল্লেখযোগ্য যে, নিৰ্বাচনত মুক্তা দেৱী মণ্ডলে লাভ কৰে ২৩৩৮৮টা ভোট। বিপৰীতে এজিপি বিজেপি প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ৮০৮৫ টা ভোট।
-
May 12, 2025 17:48 IST
শিৱসাগৰ বিধান সভা সমষ্টিত ৰাইজৰ দলৰ জয়জয়কাৰ
শিৱসাগৰ বিধান সভা সমষ্টিত গাঁও পঞ্চায়তৰ ৪৩ টা ৱাৰ্ডত ৰাইজৰ দলৰ প্রার্থী জয়ী হৈছে
পঞ্চায়ত অনুসৰি বিজয়ী প্ৰাৰ্থীৰ সংখ্যা হ'লঃ
১) কোঁৱৰপুৰ- ৩টা
১০) শান্তিপুৰ- ১টা
২) দিচাং ধাই আলি- ৩টা
১১) চাউলকৰা- ১টা
৩) চেৰেকাপাৰ- ২টা
১২) নামতি আলি- ২টা
৪) বৰুৱা পুখুৰী-১টা
১৩) দোলাকাষৰীয়া- ৩টা
৫) ম'ৰাবজাৰ-১টা
১৪) হাফলুটিং- ১টা
৬) খনামুখ- ২টা
১৫) মোমাই তামুলী- ২টা
৭) হাঁহচৰা- ২টা
১৬) চাৰিং- ৫টা
৮) বানমুখ- ৪টা
১৭) মগৰাহাট- ৪টা
৯) দেওৰজা- ৩টা
১৮) ৰূদ্রসাগৰ- ৩টা
সর্বমুঠ= ৪৩টা
-
May 12, 2025 17:43 IST
ৰাইজৰ দলৰ আঞ্চলিক পঞ্চায়তত জয়ী প্ৰাৰ্থীসকলৰ তালিকা
বিধানসভা সমষ্টি আঞ্চলিক পঞ্চায়তৰ নাম সদস্যৰ নাম
১) ডিমৌ ডিমৌ আঞ্চলিক পঞ্চায়ত পূৰ্ণানন্দ চেতিয়া
২) গোৱালপাৰা ৰৌখোৱা-কলছাভাঙা ৰেজাবুল হক
৩)বঙাইগাঁও উত্তৰ বইটামাৰী জয়ধৰ নাথ
৪) ধিং হাতিমূৰীয়া জোচনাৰা বেগম
৫) ধিং জাৰামাৰী-লাঙ্গীয়া মাৰ্জিন আছিবা ফকিৰ
৬)ধিং তাঁতীকটা আঞ্চলিক পঞ্চায়ত চৱনম জাহান
৭) চেঙা বৰমাৰা নুৰজাহান খাতুন
৮) বঙাইগাঁও ২ নং মাণিকপুৰ মহীধৰ ৰায়
৯) নাওবৈচা বি এম পি আঞ্চলিক পঞ্চায়ত আচফিয়া বেগম
১০)গৌৰীপুৰ বৰকান্দা মাজপাৰা আঞ্চলিক পঞ্চায়ত ছাবিনা ইয়াছমিন
১১) বীৰসিং জৰুৱা দক্ষিণ বয়জেৰ আলগা আঞ্চলিক পঞ্চায়ত আব্দুল আৱাল মণ্ডল
১২) লাহৰিঘাট বৰচাপৰি গাঁও পঞ্চায়ত ফাৰজিনা আকতাৰা
১৩)আল্গাপুৰ কাটলিচেৰা মোহনপুৰ আঞ্চলিক পঞ্চায়ত আফ্ৰোজা ফাৰহাজ লস্কৰ
১৪) আল্গাপুৰ কাটলিচেৰা ধলছড়া আঞ্চলিক গাঁও পঞ্চায়ত আকচাৰ উল্লা
১৫) আল্গাপুৰ কাটলিচেৰা বাহাদুৰপুৰ আঞ্চলিক পঞ্চায়ত চমিনা আকতাৰ চৌধুৰী
১৬) চিচিবৰ গাঁও দক্ষিণ ধেমাজি মনোৰঞ্জন বুঢ়াগোহাঁই
১৭) শিৱসাগৰ দোলাকাষৰীয়া আঞ্চলিক পঞ্চায়ত জোনমণি আৰন্ধৰা
-
May 12, 2025 13:55 IST
কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদৰ শেহতীয়া ফলাফল
ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পৰ্ব এতিয়াও চলি আছে। অতি শেহতীয়াকৈ কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদৰ ফলাফল ঘোষণা কৰা হৈছে। সেয়েহে কোন দলৰ, কোন প্ৰাৰ্থী, ক’ত জিকিল তলত উল্লেখ কৰা হ’ল-
বিজেপি
১ তাপাঙ বৰচাঙনত- নৃপেন্দ্ৰ চন্দ্ৰ দাস।
২ ডলু- বৰখলাত- কংকন নাৰায়ণ চিকাৰ।
৩ ৰংপুৰত- জোনাকী দাস।
৪ উদাৰবন্দত - ৰোহিত সিং।
৫ আৰকাটিপুৰত- পুষ্পা ৰবিদাস।
৬ - চালগংগাত - দিপ্তী শুক্লবৈদ্য।
৭ কাটিগৰা- লক্ষীপুৰত - প্ৰমিলা বৈষ্ণৱ।
৮ ধলাই - নৰছিংপুৰত - পম্পি নিথ চৌধুৰী।
৯- আইৰংমাৰা,- সোনাচৰাত- ধৰ্মেন্দ্ৰ তিৱাৰী।
১০- শিলকুৰি- চাতলাত স্বৰস্বতী ৰবিদাস।
১১- গংগানগৰ- ৰুকনীত- মিহিৰ কান্তি ৰয়।
১২- কালীবাৰী- বিক্ৰমপুৰত - পম্পি দাস।
১৩- লক্ষীপুৰৰৰ বৰথল- হৰিনগৰত বিজেয়তা মাহাতো।
১৪- লক্ষীনগৰত- দিলখোজ সীমা দেৱ।
১৫- বিন্নাকান্দিত - ভুবনহিল কিষান ৰিকিয়াছন।
১৬ দেৱান- পালেৰবন্দত - দেৱ জ্যোতি বাউৰী ।কংগ্ৰেছ
১ শিলচৰত- নুৰ ইছলাম বৰভুঞা।
২- শ্যামাচৰণপুৰ - ছেওৰাথলত - চালনা আখতাৰ লস্কৰ।
৩- মহাদেবপুৰ- গুমৰাত - ত্ৰয়োবাসী দাস।
৪- দিদাৰখোছ - নগদিৰগ্ৰামত- ছাহিল আহমেদ লস্কৰ।
৫ - শিবপুৰ- বাঁচকান্দিত- ৰুহিদা খানম লস্কৰ।
৬- বাগপুৰ - সোণাবাৰীঘাটত- ৰুমি বেগম লস্কৰ।
৭- মোহনপুৰ- ছালচাপৰাত- নজৰানা বেগম মজূমদাৰ।নিৰ্দলীয়
১ ভুবনেশ্বৰত- শ্ৰীকোণা- ফৰিদা পাৰবিন লস্কৰ।
২- কাপ্তানপুৰ - কাজিডহৰত- চুফিয়ান আহমেদ লস্কৰ। -
May 12, 2025 11:33 IST
যোৰহাট- মাজুলী- শ্ৰীভূমিত বিজেপিৰ আধিপত্য...
ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ১১ মে’ৰ পৰা আজিপৰ্যন্ত চলি আছে। এতিয়াও ৰাজহুৱা হ’বলৈ বাকী আছে বহুকেইটা পদৰ ফলাফল।
শেহতীয়া ফলাফল অনুসৰি প্ৰায়বোৰ পঞ্চায়ততে বিজেপি - মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি মাজুলীৰ ৪খন জিলা পৰিষদত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
একেদৰে শ্ৰীভূমি জিলাৰ ১৬খন জিলা পৰিষদৰ ১১খনত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তাৰোপৰি যোৰহাট জিলাৰ ৪খন জিলা পৰিষদত বিজেপিয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে।
কাছাৰৰ লক্ষীপুৰতো বিজেপিৰ জয়জয়কাৰ। ধুবুৰীৰ ২খন জিলা পৰিষদত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।
-
May 12, 2025 11:21 IST
বাৰপূজীয়াত গামোচাক অপমান বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকৰ
ৰহা সমষ্টিৰ বাৰপূজীয়া জিলা পৰিষদৰ অন্তৰ্গত ১১০নং বাৰপূজীয়া পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বিজয়ী প্ৰাৰ্থী টুটুমণি ডেকাৰ সমৰ্থকৰ অতপালি। বিজয়ী প্ৰাৰ্থী টুটুমণি ডেকাই ৰেলি কৰি অহা সময়তে বাটতে এজন ব্যক্তিয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে এখন গামোচা পিন্ধাই। লগে লগে টুটুমণি ডেকাৰ এগৰাকী সমৰ্থকে গামোচা তেওঁৰ পৰা টানি-আজুৰি দলিয়াই দিয়ে। সেই ব্যৱহাৰত ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে।
-
May 12, 2025 09:39 IST
২৫ বছৰৰ পাছত কংগ্ৰেছ মুক্ত হ'ল ভোটাই পাথৰি জিলা পৰিষদ
- ২৫ বছৰৰ পাছত কংগ্ৰেছ মুক্ত হ'ল ভোটাই পাথৰি জিলা পৰিষদ।
- ভোটাই পাঠৰি জিলা পৰিষদত ৫,৯০০ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী স্বপ্নালী চাংকাকতি বৰাৰ।
- কাছমাৰি জিলা পৰিষদত ৮,৮৮০ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী প্ৰাঞ্জল দাসৰ।
- পুৰণিগুদাম জিলা পৰিষদত ১৪,৯৯৫ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী মিন্টু শৰ্মাৰ।
-
May 12, 2025 07:38 IST
বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা জিলা পৰিষদত বিজেপি প্ৰাৰ্থীৰ বিজয়
বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা জিলা পৰিষদত বিজেপি প্ৰাৰ্থীৰ বিজয়।
বাঘমৰা জিলা পৰিষদত স্নীগ্ধাজ্যোতি জ্যোতি গোস্বামীৰ বিজয়।
বৰগাং জিলা পৰিষদত জাহ্নৱী দাসৰ বিজয় ।
নিজ বিহালী জিলা পৰিষদত চেতন গৌতমে জয়লাভ কৰিছে ।
একেদৰে বুৰৈ জিলা পৰিষদত সুনিতা তাঁতীয়ে (বিনাপ্রতিদন্তিতা)ৰে জয়লাভ কৰে।
-
May 12, 2025 07:36 IST
বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা জিলা পৰিষদত বিজেপি প্ৰাৰ্থীৰ জয়লাভ
বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা জিলা পৰিষদত বিজেপি প্ৰাৰ্থীৰ জয়লাভ।
১ নং সাকোমঠা জিলা পৰিষদত পবিতা গয়াৰি নাৰ্জাৰীৰ বিজয়।
২ নং সাকোমঠা জিলা পৰিষদত গণেশ বাচোৱাৰৰ বিজয়
১ নং বিশ্বনাথ জিলা পৰিষদত দিপালী দেৱীৰ বিজয়।
২ নং বিশ্বনাথ জিলা পৰিষদত প্ৰণোদীপ্ত ৰাজখোৱাই জয়লাভ কৰিছে ।
-
May 12, 2025 06:49 IST
মিছামৰা কঠালগুৰি আঞ্চলিকত অগপৰ ৰুক্মিণী ৰজক পাত্ৰৰ বিজয়
এই পৰ্যন্ত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পৰ্ব। এই অনুসৰি মিছামৰা কঠালগুৰি আঞ্চলিকত অগপৰ ৰুক্মিণী ৰজক পাত্ৰই বিজয়ী হৈছে। একেদৰে ৰহাৰ বাৰপূজীয়াত আঞ্চলিক পঞ্চায়তত বিজেপিৰ টুটুমণি ডেকাই বিজয় সাব্যস্ত কৰিছে।
-
May 11, 2025 22:48 IST
মঙলদৈৰ পঞ্চায়ত নিৰ্বাচনৰ গণনা কক্ষত অঘটন
মঙলদৈ মহাবিদ্যালয়ৰ পঞ্চায়ত নিৰ্বাচনৰ গণনা কক্ষত বান্দিয়া পঞ্চায়ত ৯নং ৱাৰ্ডৰ প্ৰাৰ্থী কাশ্মীৰি চাহনাজ নামৰ মহিলাগৰাকী গণনা কক্ষত অচেতন হৈ বাগৰি পৰে। ততাতৈয়াকৈ তেওঁক এম্বুলেন্সৰ সহায়ত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
-
May 11, 2025 22:36 IST
বিজয়ী প্ৰমান পত্ৰ নিদিয়াক লৈ উতপ্ত পৰিস্থিতি
কঠিয়াতলী জিলা পৰিষদৰ অন্তৰ্গত বালিৰাম গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্বৰিফা বেগম জয়ী হৈছে বুলি ঘোষনা হোৱাৰ পাছতো বিজয়ী প্ৰমান পত্ৰ নিদিয়াক লৈ সৃষ্টি হৈছে উতপ্ত পৰিস্থিতিৰ। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ভোট গননা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।
-
May 11, 2025 21:52 IST
নাহৰকটীয়া সমষ্টিত বিজেপি-মিত্ৰজোঁটৰ জয়জয়কাৰ
১৬ খন পঞ্চায়তৰ ১৬ খনতেই জয় বিজেপি-মিত্ৰজোঁটৰ
ইয়াৰে ১৪ খনত বিজেপিৰ, ২ খন আসনত অগপ প্ৰাৰ্থীৰ জয়
৪ খন জিলা পৰিষদৰ ৪ খনতেই জয় বিজেপিৰ
১৬০টা ৱাৰ্ডৰ ১৫৪টাত জয় বিজেপি-মিত্ৰজোঁটৰ
-
May 11, 2025 21:42 IST
চপাই আৰু হাউলী জিলা পৰিষদত বিজেপিৰ অগ্ৰগতি
দৰং জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৪৯ নম্বৰ ছিপাঝাৰ, ৫০ নম্বৰ মঙলদৈ আৰু ৫১ নম্বৰ দলগাঁৱতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হৈছে। দৰং জিলাৰ সদৰ মঙলদৈৰ লগতে সম জিলা ছিপাঝাৰ আৰু দলগাঁৱত।
মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদীয় সমষ্টিৰ ভিতৰত ৰঙামাটি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিতোপন ডেকাই বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰাৰ বিপৰীতে চপাই, হাউলী আৰু মোৱামাৰী জিলা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
আজি সন্ধিয়ালৈ হোৱা দুটা ৰাউণ্ডৰ ভোটগণনাত চপাই আৰু হাউলী জিলা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী দুগৰাকী ক্ৰমে অনিতা ৰাজবংশী আৰু শেৱালি গোস্বামী কলিতাই বিপুল ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত চপাই সমষ্টিত বিজেপিৰ অনিতা ৰাজবংশীয়ে ১২,২২৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জুতিকা নাথে লাভ কৰে ২,২৭৬ টা ভোট।
আনহাতে হাউলী জিলা পৰিষদীয় সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ শেৱালি গোস্বামী কলিতাই ৮,২০০ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী চিৰাজুল হকে লাভ কৰে ৬১২ টা ভোট। মোৱামাৰী জিলা পৰিষদ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত অগপৰ মণি দাসে ৩৮৩২ টা, এ আই ইউ দি এফৰ দিপাৰানী দাসে ২৭৭ টা , কংগ্ৰেছৰ মুক্তা দেৱী মণ্ডলে ২০৩০ টা আৰু নিৰ্দলীয় গবি বিশ্বাসে ৩৩৩২ টা ভোট লাভ কৰে।
-
May 11, 2025 21:39 IST
বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত নলনীবাৰী গাঁও পঞ্চায়তৰ ১০ গৰাকী ৱাৰ্ড সদস্য।
গহপুৰ বিধানসভা সমষ্টিৰ পৰা কৰ্তন হৈ নতুনকৈ বিহালী বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা নলনীবাৰী গাঁও পঞ্চায়তৰ আটাইকেইগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। সেই অনুসৰি-১ নং ৱাৰ্ডত মনালিছা বড়ো,২ নং ৱাৰ্ডত অঞ্জলি বড়ো,৩ নং ৱাৰ্ডত অনিতা বাগে,৪ নং ৱাৰ্ডত পুস্পা মুণ্ডা তাঁতী,৫ নং ৱাৰ্ডত ফুলমণি নাজাৰী,৬ নং ৱাৰ্ডত বিশাল লগুণ,৭ নং ৱাৰ্ডত অঞ্জনা বাগ,৮ নং ৱাৰ্ডত অনু মীৰ্ধা,৯ নং ৱাৰ্ডত মুণিত লগুণ আৰু ১০ নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় মাগদালি মুণ্ডা।
ইপিনে পঞ্চায়তটোৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী উইলিয়াম কেৰকেটাও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'ল উক্ত পঞ্চায়তত।ইপিনে বুৰৈ জিলা পৰিষদৰ সদস্য পদৰ বিজেপি প্ৰাৰ্থী সুনীতা তাঁতিও নিৰ্বাচিত হয় বিনা প্ৰতিদ্বন্দিতাৰে।
-
May 11, 2025 21:38 IST
গহপুৰৰ সমষ্টিৰ ৪ খন জিলা পৰিষদতে বিজেপিৰ বৃহৎ অগ্ৰগতি
২৮ খন গাঁও পঞ্চায়ত,৪ খন জিলা পৰিষদ (হেলেম-ক,হেলেম-খ,কলাবাৰী, লোহিতমুখ),দুখন আঞ্চলিক( ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ )পঞ্চায়ত আৰু ২৮০ ৱাৰ্ডৰে গঠিত গহপুৰ বিধান সভা সমষ্টিৰ গহপুৰ সমজিলাত আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা বাতৰি লিখা পৰলৈকে সুকলমে আৰু শান্তিপূৰ্ণ ভাবে চলি আছে।
সমষ্টিটোৰ বিভিন্ন ৱাৰ্ডৰ পৰা ইতিমধ্যে ৭৫ গৰাকী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু ৭ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।সমষ্টিটোৰ বিভিন্ন ৱাৰ্ডৰ পৰা ৫৩৩ গৰাকীয়ে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পদত,৪২ গৰাকীয়ে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত আৰু ১০ গৰাকীয়ে জিলা পৰিষদৰৰ সদস্যৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়ায়।
বাতৰি লিখা পৰলৈকে পোৱা তথ্য অনুসৰি-লোহিতমুখ,কলাবাৰী, হেলেম(ক) আৰু হেলেম(খ) জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী ক্ৰমে লক্ষ্য মিলি,নিতুল হাজৰিকা, নিৰণ হাজৰিকা আৰু দিপালী দেৱী বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।ইপিনে এতিয়ালৈকে হোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভোট গণনাত মিত্ৰজোটৰ প্ৰাৰ্থীৰ বাহিৰে আন কোনো দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব পৰা নাই।
সেই অনুসৰি দক্ষিণ কলাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰশান্ত বৰা,পশ্চিম কলাবাৰী গাঁও পঞ্চায়ত আঞ্চলিক সদস্যৰ পদত বিজেপিৰ ৰূপামণি পেগু,সোণাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত বিজেপিৰ ৰঞ্জু মিলি পাটগিৰি,ঘগৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত অগপৰ ধৰিত্ৰী নায়ক,আমতলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত বিজেপিৰ ৰূপাঞ্জলী সোণাৰি আৰু মিছামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত অগপৰ প্ৰণৱ কাৰ্ডং নিৰ্বাচিত হৈছে।
একেদৰে গমিৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ এগনিধি ঢুংগানা,বাকৰি দলনী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত বিজেপিৰ বুবুল শইকীয়া আৰু ডুবিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত অগপৰ মামণি শইকীয়া নিৰ্বাচিত হৈছে।সমষ্টিটোৰ সম্পূৰ্ণ নিৰ্বাচনী ফলাফল কাইলৈ পুৱাৰ ভাগতহে পৰিস্কাৰ হ'ব বুলি ধাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে-গহপুৰ বিধান সভা সমষ্টিৰ হেলেম (খ) জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তথা জ্যেষ্ঠ বিজেপি নেত্ৰী ৰেণু ভড়ালীয়ে আজি ঘোষিত ফলাফলত পৰাজয় বৰণ কৰে।গমিৰি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰেণু ভড়ালীয়ে ১৬৩ টা ভোট লাভ কৰাৰ বিপৰীতে মহেন্দ্ৰ ৰিজালে ১৮৯ টা ভোট লাভ কৰি বিজয় সাব্যস্ত হয়।একেদৰে ডুবিয়া পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বাবে বাৰ্ড সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি নেত্ৰী স্নিগ্ধা গোস্বামী চুতীয়ায়ো আজি পৰাজয় বৰণ কৰে।উল্লেখ্য যে যোৱা বাৰ ডুবিয়া পঞ্চায়তৰ সভানেত্ৰী পদত অধিষ্ঠিত আছিল স্নিগ্ধা গোস্বামী চুতীয়া।
-
May 11, 2025 21:34 IST
নিজ বিহালী জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিপীকা ঢাকাল ৱাৰ্ড মেম্বাৰ পদত পৰাভূত
বটীয়ামাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ড সদস্য পদত প্ৰাক্তন নিজ বিহালী জিলা পৰিষদ সদস্য দিপীকা ঢাকাল নিকতটম প্ৰাৰ্থী ৰামকৃষ্ণ কটেলৰ হাতত ৭৬ ভোটত পৰাস্ত হয় ৷
-
May 11, 2025 20:14 IST
সৰুপথাৰত বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি
সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিওখন জিলা পৰিষদৰ আসন ক্ৰমে বৰপথাৰ, সৰুপথাৰ, চুঙাজান আৰু নৱজ্যোতিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়লাভ প্ৰায় নিশ্চিত হৈছে। সমষ্টিটোৰ ২১টা পঞ্চায়তৰ অন্তৰ্গত ২১টা আঞ্চলিক পঞ্চায়তৰ আসনতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
ইয়াৰ সমান্তৰালভাৱে প্ৰায় সকলো গাঁও পঞ্চায়তৰ ৱাৰ্ডত বিজেপি মিত্ৰজোঁটৰ আধিপত্য অব্যাহত আছে। উল্লেখ্য যে ইতিপূৰ্বে কংগ্ৰেছৰ দূৰ্গ স্বৰূপ একাধিক পঞ্চায়তত দলটোৰ নিৰাশাজনক প্ৰদৰ্শন বিশেষ মন কৰিবলগীয়া বুলি বিবেচিত হৈছে।
পূৰ্বৰ কাৰ্যকালত বৰপথাৰ জিলা পৰিষদৰ আসনখন কংগ্ৰেছ দলৰ দখলত আছিল যদিও এইবাৰ সেয়া হৈ নুঠাটো প্ৰায় নিশ্চিত হৈছে। একালৰ দূৰ্গ স্বৰূপ সৰুপথাৰত কংগ্ৰেছৰ গণভিত্তি সমূলি নোহোৱা হ'ল নেকি বুলিও বৰ্তমান চৰ্চিত হৈছে।
-
May 11, 2025 20:07 IST
নগাঁৱত ভোটগণনাত উত্তেজনা, ৰিগিঙৰ অভিযোগ কংগ্ৰেছৰ
নগাঁৱৰ ভোট গণনা কেন্দ্ৰত পুনৰ উত্তেজনা। কংগ্ৰেছে ৰেগিঙৰ অভিযোগ উত্থাপন কৰা লগতে পুনৰ ভোট গণনাক কেন্দ্ৰ কৰি বিজেপি কংগ্ৰেছৰ মাজত সংঘাত সৃষ্টি হয়। জানিব পৰা মতে বঢ়মপুৰ বিধাসভাৰ ১০ নং চাংখোলা ৱাৰ্ডকলৈ সৃষ্টি হয় এই উত্তেজনা ।
ৱাৰ্ডটোৰ ভোট গণনাৰ অন্তত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আচলিমা চুলতানা খাতুন ৪২৬ টা ভোটত বিজয়ী হয়। আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে খাতুনে গণনা কক্ষ ত্যাগ কৰি আনন্দ কৰাৰ সময়তে বিজেপিয়ে নিজৰ দলীয় সমৰ্থীত প্ৰাৰ্থীয়েহে বিজয় হয় বুলি আনন্দ কৰিবলৈ লয়। লগতে বিজেপিয়ে পুনৰ ভোট গণনাৰ বাবে আৰ্জি কৰে।
-
May 11, 2025 19:45 IST
চামগুৰিত এটা ভোটৰ ব্যৱধানত জয়ী পিংকু ডেকা
নগাঁৱৰ চামগুৰিৰ এজন প্ৰাৰ্থীক লৈ নগাঁৱত বিশেষ চৰ্চা লাভ কৰিছে। এই গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী পিংকু ডেকা। নগাঁও জিলাৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ ২নং গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী পিংকু ডেকা মাত্ৰ ১ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।
তেওঁ ৯৪ টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম দুজন প্ৰাৰ্থীয়ে ৯৩ টাকৈ ভোট লাভ কৰিছে। অৱশ্যে এই গাঁও পঞ্চায়ত সদস্য পদত আন দুজনমানেও প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁলোকে ৫০ টাতকৈ কম ভোট পাইছে।
-
May 11, 2025 19:40 IST
নগাঁৱত ২১ খন জিলা পৰিষদৰ ১৭ খন জিলা পৰিষদত বিজেপি-অগপৰ অগ্ৰগতি
নগাঁৱত নিৰ্বাচনী বিষয়া,নিৰীক্ষক, কৰ্মচাৰীৰ সক্ৰিয় সহযোগত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। বিজেপি অগপ মিত্ৰদলৰ ৬ জনকৈ প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ পিছত নগাঁও জিলা পৰিষদৰ ২১ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে।
ভোট গণানা অনুসৰি ২১ আসনৰ ভিতৰত মিত্ৰদলৰ প্ৰাৰ্থী ১৭ খন আসনত বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ইয়াৰ ভিতৰত আছে দ্বাৰ শালনা , আমবাগান , বাজিয়াগাঁও , পুৰনিগুদাম , কাচমাৰী , ভকটগাঁও , চাপৰমূখ , পাখীমৰীয়া জামুগুৰি , ফুলগুৰি বাৰপুজীয়া আদি । ইফালে আঞ্চলিক পঞ্চায়তৰ ৯০ টা সমষ্টিত মিত্ৰদল আগবাঢ়ি আছে । কংগ্ৰেছ ১০ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী ২ টা সমষ্টিত আগবাঢ়ি আছে ।
-
May 11, 2025 17:30 IST
মঙলদৈৰ বেজপাৰা গাঁও পঞ্চায়তত মিন্তু চহৰীয়াৰ বৃহৎ জয়
দৰঙৰ মঙলদৈ সমষ্টিৰ চপাই জিলা পৰিষদৰ অন্তৰ্গত নৱগঠিত বেজপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মিন্তু চহৰীয়াৰ বৃহৎ জয়।
-
May 11, 2025 17:19 IST
বটদ্ৰৱা ৮১ নং কাছমাৰী গাঁও পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ ফলাফল ঘোষণা...
নগাঁও বটদ্ৰৱা সমষ্টিৰ ৮১ নং কাছমাৰী গাঁও পঞ্চায়তৰ ১০ টা ৱাৰ্ডৰ ফলাফল ঘোষণা কৰা হৈছে । ১ নং ৱাৰ্ডত ৰুবী ডেকা, ২ নং ৱাৰ্ডত পাৰমিতা বৰা ডেকা, ৩ নং ৱাৰ্ডত পিংকি বৰা, ৪ নং ৱাৰ্ডত পিংকু মনি বৰদলৈ দেৱী, ৫ নং ৱাৰ্ডত কাঞ্চন পাটৰ বৰদলৈ, ৬ নং ৱাৰ্ডত দিগন্ত ডেকা, ৭ নং ৱাৰ্ডত বুবুলি বৰদলৈ, ৮ নং ৱাৰ্ডত জ্যোতিমা সোনোৱাল, ৯ নং ৱাৰ্ডত তিলক ডেকা, ১০ নং ৱাৰ্ডত অঞ্জু মনি দেৱীয়ে জয়লাভ কৰে।
-
May 11, 2025 16:30 IST
ৰঙিয়াত বিজেপিৰ অগ্ৰগতি...
ৰঙিয়াৰ সমষ্টিৰ ৪ টা জিলা পৰিষদ ৩ টা জিলা পৰিষদতে বিজেপিৰ অগ্ৰগতি।
পাণ্ডুৰী জিলা পৰিষদত
বিজেপি- ২৪৪১
কংগ্ৰেছ- ১৭২৬হৰদত্ত বীৰদত্ত জিলা পৰিষদ
বিজেপি- ১৭৮৯
কংগ্ৰেছ- ৯০৯বড়িগোগ জিলা পৰিষদ
বিজেপি- ৩৫৬৮
কংগ্ৰেছ- ১৮১৭পূৱ পাৰ জিলা পৰিষদ
বিজেপি- ১৫৫৪
কংগ্ৰেছ- ৩০৫৭ -
May 11, 2025 16:15 IST
ধেমাজি জিলা পৰিষদৰ ভোট গণণাৰ প্ৰথম ৰাউণ্ড সমাপ্ত...
ধেমাজি সদৰৰ ৮ টা জিলা পৰিষদ সমষ্টিৰ ভোটগণণাৰ প্ৰথম ৰাউণ্ডৰ ফলাফলত ১নং বৰদলনি জিলা পৰিষদত অসম জাতীয় পৰিষদৰ হিমাদ্ৰী সোনোৱালে ২২৭০ টা ভোট পায় আগবাঢ়ি আছে ৷ ইয়াৰে বিজেপিৰ খেওমালী দৈমাৰীয়ে ১৪৯৩ টা আৰু কংগ্ৰেছৰ মঞ্জুলা গয়াৰী বসুমতাৰী ৬১৭ টা ভোট পাইছে ৷
একেদৰে ৩ নং ধেমাজি -২ জিলা পৰিষদত কংগ্ৰেছৰ বিপুল দলে ১২৪১ টা , বিজেপিৰ তিলোমনি পেগু কোঁৱৰে ১২২৭ টা, তশীল বৰশইকীয়াই ৪৪২ টা আৰু অসম জাতীয় পৰিষদৰ বিন্তী লাগাছুৱে ৬২টা ভোট পাইছে ৷ আঞ্চলিক পঞ্চায়তৰ ফলাফলত বাটঘৰীয়া আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত সোনোৱাল (পাপু) ১৭৫১ ভোট, ভেবেল আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ প্ৰাৰ্থী পংকজ বৰাই ১৫৬২ টা ভোট পাই জয়ী হৈছে ৷
ইফালে জয়ী হোৱা ভেবেলী গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ সকল ক্ৰমে ৰনজিৎ চুতীয়া, মল্লিকা চুতীয়া, কবিতা গগৈ হাজৰিকা, প্ৰতিমা হাজৰিকা, অৰ্চনা শইকীয়া, জীৱনী পাটিৰ বৰদলৈ, মাধৱ সোনোৱাল, পৰাগজ্যোতি দাস আৰু টেৰিছা পেগুৱে ৷
বাটঘৰীয়া গাঁও পঞ্চায়তৰ জয়ী হোৱা ৱাৰ্ড মেম্বাৰ সকল ক্ৰমে ক্ষীৰুমনি কছাৰী সোনোৱাল, পতুল সোনোৱাল, হৰি প্ৰভা সোনোৱাল, দুলাল শইকীয়া আৰু পল্লব চেলেঙে ৷ উল্লেখ্য যে, গাঁও পঞ্চায়তটো ইতিমধ্যে পাঁচ গৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিবাৰ্চিত হৈছে৷
-
May 11, 2025 16:10 IST
শিলচৰৰ ভোটগণনা কেন্দ্ৰত প্ৰচণ্ড মাৰপিট, আৰক্ষী সহ আহত দুজন
শিলচৰৰ ভোটগণনা কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ISTT ত চলি থকা শিলচৰ সমষ্টিৰ গণনা কেন্দ্ৰত দুগৰাকী নিৰ্দলীয় দলৰ সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। এই ঘটনাত প্ৰাৰ্থীৰ এজন সমৰ্থক আৰু এজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয়।
আহত সমৰ্থক জনৰ নাম চন্দ্ৰসেন দাস। মাৰপিটত জৰিত থকা ৪ জনক আৰক্ষীয়ে আটক কৰিছে। বৰখলা সমষ্টিৰ তাপাং জিলা পৰিষদৰ অন্তৰ্গত চেংকুৰি এলেকাৰ দুগৰাকী সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।
এগৰাকী প্ৰাৰ্থী ১২ টা ভোটৰ ব্যৱধানত অগ্ৰসৰ হোৱাক লৈয়ে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে।
-
May 11, 2025 15:36 IST
ঢকুৱাখনা সমজিলাৰ হাৰ্হি মাতমৰা জিলা পৰিষদৰ নিৰ্বাচনী ফলাফল...
ঢকুৱাখনা সমজিলাত দেওবাৰে পুৱাৰ পৰাই অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া । ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ থকা ভোটগণনাৰ অন্তত প্ৰথমখন জিলা পৰিষদৰ নিৰ্বাচনী ফলাফলৰ তথ্য লাভ কৰা হৈছে ।
সেই অনুসৰি হাৰ্হি জিলা পৰিষদৰ সদস্যৰ পদত বিজেপিৰ প্ৰাৰ্থী প্ৰণৱ পেগুৱে লাভ কৰিছে সন্তোষজনক অগ্ৰগতি । এতিয়ালৈকে পেগুৱে লাভ কৰিছে মুঠ ২৩৩৬ ভোট । ইয়াৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুহিৰাম পেগুৱে লাভ কৰিছে ১৭২৫ টা ভোট ।
বৰ্তমানলৈকে দুয়োজন প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান ৬১১ টা । ধাৰণা কৰা মতে পেগুৱে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব। অন্যহাতে ১১নং হাৰ্হি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত নিৰ্দলীয় প্ৰাৰ্থী অৰ্পনা কোঁচ চেতিয়াই জয়লাভ কৰিছে । অৱশ্যে এই ফলাফলৰ অদ্যপি হোৱা নাই আনুষ্ঠানিক ঘোষণা ।
-
May 11, 2025 12:47 IST
টছত জিকি নিৰ্বাচনত জয়ী দুই প্ৰাৰ্থী।
- টছত জিকি নিৰ্বাচনত জয়ী দুই প্ৰাৰ্থী।
- মৰণৈ সোৱণশিৰী জিলা পৰিষদৰ বিলমুখ পঞ্চায়তৰ দুই প্ৰাৰ্থীৰ সৌভাগ্য।
- বিৰোধী প্ৰাৰ্থীৰে সমান ভোট লাভ কৰাত টছৰ জৰিয়তে নিৰ্ণয় ফলাফল।
- টছত জয়ী হৈ গণশক্তিৰ দুই প্ৰাৰ্থী নিৰ্বাচিত হ’ল সদস্য হিচাপে।
- সৌভাগ্যৱান দুই প্ৰাৰ্থী ৭নং ৱাৰ্ডৰ প্ৰাৰ্থী তপছিল দলে আৰু ৬ নং ৱাৰ্ডৰ পূৰবী কুলি পাটিৰ।
-
May 11, 2025 12:43 IST
নগাঁৱত ভোটগণনা কক্ষত উত্তেজনা
- নগাঁৱত ভোটগণনা কক্ষত উত্তেজনা।
- বাজিয়াগাঁও জিলা পৰিষদৰ গণনা কক্ষত উত্তেজনা।
- বিজেপি আৰু কংগ্ৰেছৰ মাজত সংঘাত।
- তাৰোপৰি দুয়ো দলৰ এজেণ্টৰ মাজত হতাহতি।
- বিজেপিৰ এজেণ্টে কংগ্ৰেছৰ এজেণ্টৰ পৰিচয় পত্ৰ কাঢ়ি নিয়াৰ অভিযোগ।
- আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ।
-
May 11, 2025 11:57 IST
ঢকুৱাখনা সমজিলাত পোষ্টেল ভোট গণনা সম্পন্নঃ দুই ৱাৰ্ড সদস্যৰ বিজয় নিশ্চিত
ঢকুৱাখনা সম জিলাৰ ৪খন জিলা পৰিষদৰ ভিতৰত উত্তৰ ঢকুৱাখনা মাতমৰা জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে পোষ্টেল বেলটৰ গণনাত ৮৯ টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে।
ঘিলামৰা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে মুঠ পোষ্টেল ভোটৰ ৬৬ টাৰ ভিতৰত ৩৬ টা ভোট লাভ কৰে।
পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বমুঠ ১০৪ টা ভোটৰ ভিতৰত ৫৪ টা আৰু সোৱণশিৰী জিলা পৰিষদত ৭৮ টা ভোটৰ ভিতৰত বিজেপি দলৰ প্ৰাৰ্থীয়ে ৪০ টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে ।
ঢকুৱাখনাৰ গন্ধীয়া গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিশিতা পেগুৱে জয় লাভ কৰিছে।
দিশিতা পেগু আনহাতে ঢকুৱাখনাৰ গন্ধিয়া গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য জুৰি কোঁচ গগৈও বিজয়ী হৈছে। তেওঁ সৰ্বমুঠ ২৯৩ টা ভোটৰ ভিতৰত ২২০ টা ভোট লাভ কৰি জয়ী হবলৈ সক্ষম হৈছে।
-
May 11, 2025 11:53 IST
বিশ্বনাথৰ চাৰিওটা জিলা পৰিষদত বিজেপিৰ অগ্ৰগতি
বিশ্বনাথৰ চাৰিওটা জিলা পৰিষদত বিজেপিৰ অগ্ৰগতি। বিশ্বনাথত ২ নং সাকোমঠা জিলা পৰিষদত বিজেপিৰ অগ্ৰগতি।
-
May 11, 2025 11:50 IST
পঞ্চায়ত নিৰ্বাচনৰ নগাঁও জিলাৰ শেহতীয়া ফলাফল...
নগাঁও বটদ্ৰৱা সমষ্টিৰ কাছমাৰী জিলা পৰিষদৰ অন্তৰ্গত ৮০ আইভেটি গাঁও পঞ্চায়তৰ বৰ্তমানলৈ পোৱা ফলাফল এনেধৰণৰ- ১ ৱাৰ্ডত নিৰেন বৰা, ২ নং ৱাৰ্ডত সূৰ্য বৰাৰ বিজয় সাৱ্যস্ত। তাৰোপৰি ৪ নং ৱাৰ্ডত জুলি বৰা, ৫ নং ৱাৰ্ডত প্ৰসন্ন শইকীয়া, ৮ নং ৱাৰ্ডত হিমাদ্ৰী মহন্ত, ৯ নং ৱাৰ্ডত তৃষা ৰাণী তালুকদাৰ আৰু ১০ নং ৱাৰ্ডত মনিমালা বৰাই জয়লাভ কৰিছে। ৩ নং ৱাৰ্ডত নিকুমণি শইকীয়া আৰু ৬ নং ৱাৰ্ডত ভানু মাই বৰাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।
-
May 11, 2025 10:52 IST
ড০ পৰিধি শৰ্মা জয়ী হ'ল নিৰ্বাচনত
ড০ পৰিধি শৰ্মা ছদ্ম নামেৰে প্ৰবন্ধ, নিবন্ধ আদি লিখি সমগ্ৰ অসমজুৰি খলকনি সৃষ্টি কৰা ধ্ৰুৱজ্যোতি শইকীয়া জয়ী হ'ল নিৰ্বাচনত। দিখৌমুখ গাওঁ পঞ্চায়ত ৰ ৬ নং ৱাৰ্ডৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰিছিল তেওঁ।
দলীয় প্ৰতীক নাথাকিলেও কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছিল ধ্ৰৱজ্যোতি। নিকটৱৰ্তী প্ৰাৰ্থীতকৈ তেওঁ লাভ কৰিলে ৪৬ টা অধিক ভোট।
-
May 11, 2025 10:41 IST
এই প্ৰেম কেই ঘণ্টামানৰ পাছতেই ফলাফললৈ ৰূপান্তৰিত হ'ব
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে ভোট গণনা আৰম্ভ হোৱাৰ সময়তে এক্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট।
This was the kind of love we received during the campaigning for #AssamPanchayatPolls.
— Himanta Biswa Sarma (@himantabiswa) May 11, 2025
This love will translate into results in a few hours!
Blessed 🙏🏼 pic.twitter.com/4rgluZVrdI -
May 11, 2025 10:11 IST
কামৰূপ জিলাৰ ৩ টা স্থানত পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা
কামৰূপ জিলাত পুৱা ৮ বজাৰে পৰা তিনিটাকৈ ভোটগণনা কেন্দ্ৰ ক্ৰমে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰঙিয়া সম-জিলাত আৰম্ভ হৈছে ভোটগণনা পৰ্ব।
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত ১৫ টা, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৯ টা আৰু ৰঙিয়া সমজিলাত ৪ টা কক্ষত চলি আছে ভোট গণনা।
ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰাধিকৃত বিষয়া, ছুপাৰভাইজাৰ, সহায়কাৰী বিষয়া, ভোটগণনা সহায়ক, সুক্ষ্ম পৰ্যবেক্ষকে ধৰি মুঠ ১৪৫০ গৰাকী বিষয়া নিয়োগ কৰা হৈছে।
পুৱা সাত বজাত ষ্ট্ৰং ৰুম খোলাৰ পাছত ৮ বজাৰ পৰা প্ৰথমে পোষ্টেলl বেলট সমূহৰ ভোটগণনা হৈছে। পোষ্টেল ভোট গণনাৰ পাছতেই আৰম্ভ বেলট বক্সৰ বেলট পেপাৰৰ ভোট গণনা। -
May 11, 2025 09:31 IST
ছিপাঝাৰত পোষ্টেল ভোটৰ গণনা
ছিপাঝাৰত পুৱা ৮ বজাৰ লগে লগে পোষ্টেল বেলটসমূহৰ ভোটগণনা আৰম্ভ হৈছে। পোষ্টেল বেলটৰ ভোটগণনা অনুসৰি দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমন্ত ডেকাই সৰ্বমুঠ লাভ কৰিছে ২৩ টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে মাত্ৰ ১ টা ভোট।
ইফালে পাথৰিঘাট-দুনী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰূপালী দেৱীয়ে ৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ মাত্ৰ ১ টা ভোট। পোষ্টেল ভোটত বিজেপি প্ৰাৰ্থী দুগৰাকী আগবাঢ়ি আছে।
-
May 11, 2025 08:35 IST
সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনো সাজু হৈছে ভোট গণনাৰ বাবে
বিশ্বনাথ জিলাত এইবাৰ মুঠ ভোটাৰ ৪,৭৪,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ
২,৩৭,৮৩৬ গৰাকী আৰু মহিলা ভোটাৰ ২,৩৭,০৮৩ গৰাকী। অন্যান্য ৮ গৰাকী।জিলাখনত মুঠ ভোটকেন্দ্ৰ আছিল ৭৪৭ টা আৰু মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ৭৩ খন।
ইতিমধ্যে জিলাখনত মুঠ ৭৩ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ২৩ টাতে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰাৰ্থী। বাকী ৫০ টা আঞ্চলিক পঞ্চায়তৰ পদৰ বাবে ১১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।
জিলাখন মুঠ ১২ খন জিলা পৰিষদৰ সদস্যৰ বাবে ২৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বিহালীৰ বুৰৈ জিলা পৰিষদখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী।
গাওঁ পঞ্চায়তৰ ৭৩০ টা ৱাৰ্ডৰ ২৩৭ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকী ৪৯৩ টা ৱাৰ্ডত ১৩১২ জনে প্ৰতিদ্বন্দিতা কৰিছে।
-
May 11, 2025 08:28 IST
ক'ত আৰু কিমান স্থানত ভোটগণনা
আজি ৰাজ্যৰ মুঠ ৩৯ টা স্থানত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। জিলাসমূহৰ সদৰৰ লগতে একাংশ সম জিলাতো এইবাৰ স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ। সেই অনুসৰিয়েই ২৭ খন জিলাত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে স্থাপন কৰা হৈছে ৩৯ টা কেন্দ্ৰ।
ৰাজ্যৰ মুঠ ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত এইবাৰ ৩৬০ খন আসনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু এই আটাইকেইখন আসনৰে ভোটগণনা হ'ব। ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী।
জিলা পৰিষদৰ এই ৩৬০ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থিত আৰু নিৰ্দলীয় ভাৱে মুঠ ১০৫৫ গৰাকী প্ৰাৰ্থীয়ে।
আঞ্চলিক সদস্য পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে ১১২৪খন। ইয়াৰে ১৬৫ খন আসনত ইতিমধ্যে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী।
গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ আসন হৈছে- ২১,৯২০খন। উল্লেখ্য এইবাৰ পঞ্চায়ত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। গাওঁ পঞ্চায়তৰ সদস্যৰ ভিতৰৰ পৰাই পঞ্চায়ত সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত কৰা হ'ব। ইয়াৰে সভাপতি পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। উপ সভাপতি পদ হৈছে ২,১৯২খন।