সাহিত্যিক পেঞ্চনাৰ,সাংবাদিক ভৱেশ শইকীয়াৰ মৃত্যুত আ্পকুৰ শোক প্ৰকাশ

সাহিত্যিক পেঞ্চনাৰ,সাংবাদিক ভৱেশ শইকীয়াৰ মৃত্যুত আ্পকুৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ,গুৱাহাটী : জ্যেষ্ঠ সাংবাদিক,সাহিত্যিক পেঞ্চনাৰ তথা বোকাখাত নগৰৰ বিষ্ণুপুৰ, ৩ নং ৱাৰ্ডৰ নিবাসী ভৱেশ শইকীয়াৰ সোমবাৰে সন্ধিয়া প্ৰায় ৮-৩০ বজাত বিয়োগ ঘটে। অসমৰ মফচলীয় অঞ্চলৰ চৰকাৰী চাকৰিবিহীন সংবাদকৰ্মীসকলক লৈ ১৯৯৩ চনৰ ৩০ এপ্ৰিলত গুৱাহাটীৰ গৌৰী সদনত সংগঠিত হোৱা ‘আসাম প্ৰেছ ক’ৰেছপণ্ডণ্টেছ ইউনিয়ন’ (আপ্‌কু)ৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সভাপতি।

প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক শইকীয়াৰ বিয়োগত ‘আপ্‌কু’ৱে গভীৰ শোক প্ৰকাশ কৰে ৷ আপকু কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনছোৱাই সংবাদ মাধ্যমলৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰে।

বিজ্ঞপ্তিত উল্লেখ কৰে যে, ৮০ দশকৰ আৰম্ভণিৰ পৰা সাংবাদিকতাৰ জীৱন আৰম্ভ কৰাৰ সমান্তৰালভাৱে শিক্ষকতা, সাহিত্যচৰ্চা তথা অন্যান্য বহু সামাজিক কৰ্মৰ যোগেদি বৃহত্তৰ বোকাখাত অঞ্চলৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তিৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ‘আপ্‌কু’ৰ বৰ্তমানৰ উপদেষ্টা ভৱেশ শইকীয়াৰ আকস্মিক বিয়োগে ‘আপ্‌কু’ৰ প্ৰতিগৰাকী সদস্যক ব্যথিত কৰি তুলিছে ৷

উল্লেখ্য যে ১৯৯৩ চনৰ পৰা ২০০৫ চনলৈ এক দীঘলীয়া সময় ‘আপ্‌কু’ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে সংগঠনটোৰ উপদেষ্টা পদত থাকি অসমৰ মফচলীয় সাংবাদিকসকলৰ জীৱন, আৰ্থিক নিৰাপত্তা আৰু প্ৰেছৰ স্বাধীনতাৰ হকে আজীৱন কলমৰ যুঁজ চলাই নিয়া শইকীয়াদেৱৰ বৈকুন্ঠ প্ৰয়াণৰ লগে লগে ‘আপ্‌কু’ আজি অভিভাৱকহীন হৈ পৰিল ৷ ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলৰ এক বলিষ্ঠ কন্ঠ, সংগ্ৰামী সত্বা ভৱেশ শইকীয়াদেৱৰ মৃত্যু ‘আপ্‌কু’ৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷

আপ্‌কুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই ‘ আপ্‌কু’ কেন্দ্ৰীয় সমিতিৰ লগতে সমূহ জিলা আৰু মহকুমা সমিতিয়ে আপ্‌কুৰ পতাকা মঙলবাৰৰ পৰা ৩দিনলৈ অৰ্ধনমিত কৰি শোক পালন কৰিব ৷ তদুপৰি কেন্দ্ৰীয় সমিতিৰ এক জৰুৰী নিৰ্দেশনা অনুসৰি মঙলবাৰে পুৱা আপ্‌কুৰ সকলো জিলা আৰু মহকুমা সমিতিয়ে ৰাজহুৱা স্থানত স্থানীয় শুভাকাংক্ষীসকলৰ উপস্থিতিত আপ্‌কুৰ পতাকাৰ তলত সমবেত হৈ তিনিদিনীয়াা ‘শোক দিৱস’ কাৰ্যসূচী শুভাৰম্ভ কৰিব বুলি উল্লেখ কৰে ৷

প্ৰয়াত ভৱেশ শইকীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সাহিত্যিক পেঞ্চনাৰ,সাংবাদিক ভৱেশ শইকীয়াৰ মৃত্যুত আ্পকুৰ শোক প্ৰকাশ
বৰপাক সাৰ্ব্বজনীন দুৰ্গা পূজা উদযাপনৰ সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in