শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপকৰ তালিকা ঘোষণা…

শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপকৰ তালিকা ঘোষণা…

author-image
asomiyapratidin
New Update
ডাইনী সন্দেহত মহিলাক অৰ্ধ উলংগ কৰি অমানুষিক অত্যাচাৰৰ

ডিজিটেল ডেস্কঃ শিক্ষক দিৱসৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। সেই অনুসৰি মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে এই বঁটা।

Advertisment

মাধ্যমিক শিক্ষাত শিৱসাগৰ জিলাত অমৰজ্যোতি বৰঠাকুৰ, মনোমোহন দেৱ নাথ, লখিমপুৰত অনিৰুদ্ধ ফুকন, ধেমাজিত বন্দনা হাজৰিকা, কাছাৰত নিৰুপম নাথ, গোৱালপাৰাত ছজিমুদ্দিন আহমেদ, দৰঙত অৰুণ চন্দ্ৰ নাথ, বিশ্বনাথত জগদীশ চন্দ্ৰ শৰ্মা, গোলাঘাটত চিদানন্দ পাঠক, ধেমাজিত সুনিল কোচ, ডিব্ৰুগড়ত উদয় শংকৰ গগৈ, বঙাইগাঁৱত মীনাকুমাৰী মণ্ডল আৰু নলবাৰী জিলাত নৃপেন দত্তই লাভ কৰিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা।

উচ্চ প্ৰাথমিকত শোণিতপুৰৰ দশমুকুত কেওট আৰু বঙাইগাওঁ জিলাত মহম্মদ য়াছিন আনছাৰিয়ে লাভ কৰিছে কৃতী শিক্ষকৰ বঁটা।

আনহাতে নিম্ন প্ৰাথমিকত বিশ্বনাথ জিলাৰ ৰিছু ইংতী, কামৰূপত সৰস্বতী দত্ত, লখিমপুৰত অঞ্জনা কোচ, ডিব্ৰুগড়ত দিপালী ডেকা, চৰাইদেউত জীতেন দাস, দৰঙত কুসুম হাজাৰিকা আৰু কামৰূপত মৃগেন্দ্ৰ কলিতাই লাভ কৰিছে এইবাৰৰ কৃতী শিক্ষকৰ বঁটা।