আলু-চেনীৰ বস্তাৰ মাজৰ পৰা জব্দ কেইবালাখ টকাৰ সুৰা...

আলু-চেনীৰ বস্তাৰ মাজৰ পৰা জব্দ কেইবালাখ টকাৰ সুৰা...

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানত ইখনৰ পাছত সিখন অবৈধ সুৰা ভৰ্তি গাড়ী জব্দ। বোকাজানৰ ডিলাই আৰু শান্তিপুৰত পুনৰ সুৰা ভৰ্তি ট্ৰাক জব্দ।

বৃহস্পতিবাৰে নিশা ডিলাই আৰক্ষীয়ে জব্দ কৰে ৫০০ টা সুৰাৰ কাৰ্টন। গুৱহাটীৰ পৰা ২০০ বেগ আলুৰ মাজত লুকুৱাই আনিছিল সুৰাখিনি। কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ ডিমাপুৰলৈ নিয়াৰ চেষ্টা কৰিছিল সুৰাখিনি।

সৰবৰাকাৰী আগৰ আলিক আটক কৰিছে আৰক্ষীয়ে। অন্যহাতে শুকুৰবাৰে শান্তিপুৰত আৰক্ষীয়ে পুনৰ জব্দ কৰে অন্য এখন সুৰাভৰ্তি ট্ৰাক।

চেনীৰ বস্তাৰ তলত লুকুৱাই আনিছিল ৩৭০ টা অৰুণাচলী সুৰাৰ কাৰ্টন। সৰবৰাকাৰী মুন্না কুমাৰ য়াদৱক আটক কৰিছে আৰক্ষীয়ে। জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।

উল্লেখ্য যে বৃহস্পতিবাৰেও পুৱা এখন ট্ৰাকৰ পৰা ৭৪৯ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিছিল আৰক্ষীয়ে।

অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায় আচলতে কোনে চলাই আছে সেই কথা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।

আলু-চেনীৰ বস্তাৰ মাজৰ পৰা জব্দ কেইবালাখ টকাৰ সুৰা...
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in