/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/60f72098-64df-4076-9f37-6ed3fedc82b5/trus.jpg)
ডিজিটেল সংবাদ, ওৰাং: অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে লালপানীত আৰক্ষীয়ে। অৰুণাচলৰ বম জিলাৰ পৰা আহি থকা অৱস্থাত AS-09 AC-7006 নম্বৰৰ বাহন খনৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা ৯ হাজাৰ ছয় শ বটল কিং ফিচাৰ নামৰ অৰুণাচলী সুৰা লালপানী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁয়ে নিয়মীয়া তালাচীৰ সময়ত AS-O9 AC- 7005 নম্বৰৰ সুৰা ভৰ্তি বাহন খনৰ সৈতে আটক কৰে। গুৱাহাটী বকো ছয়গাঁৱৰ মাজিদুৰ আলি আৰু মকিবুৰ ৰহমানক বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাৰ সৈতে আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে ৪ শ টা কাৰ্টুনত থকা সৰ্বমুঠ ৯ হাজাৰ ৬ শ বটল কিং ফিচাৰ নামৰ অৰুণাচলী সুৰা খিনি লালপানী আৰক্ষীয়ে ওদালগুৰি জিলা আবকাৰী বিভাগক হস্তান্তৰ কৰিব বুলি জানিব পৰা গৈছে।