/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ljljkl.jpg)
ডিজিটেল সংবাদ, মায়ং: মায়ং থানাৰ অন্তৰ্গত বুৰগাও চাৰিআলিৰ পৰা মঙলবাৰে দুপৰীয়াৰ ভাগত মায়ঙৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি এখন দোকানৰ পৰা ১৪ কাৰ্টুন বিলাতী সুৰা আৰু চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।
লগতে আটক কৰে সুৰাৰ ব্যবসায়ি লক্ষণ চৰকাৰক।থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা ভূঞাই জানিব লৈ দিয়া মতে দীৰ্ঘদিন ধৰি বুৰগাও চাৰিআলিত থকা নিজৰ লোহা চিলভাৰ আদি সামগ্ৰী বিক্ৰী কৰা দোকানতে লক্ষণ চৰকাৰে সুৰাৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছিল।
অৱশেষত আজি মায়ঙৰ আৰক্ষীৰ অভিযানত জালত পৰে সুৰা ব্যৱসায়ী জন। জব্দ কৰা কাৰ্টুন সমুহ ইতিমধ্য আৱকাৰী বিভাগক গতাই দিছে আৰক্ষীয়ে ।উল্লেখযোগ্য যে বুৰগাও পঞ্চায়ত কাৰ্যালয়,স্বাস্থ্যকেন্দ্ৰ, ডাক ঘৰ,হাইস্কুল, মধ্য ইংৰাজী বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন কে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে বুৰগাও চাৰিআলিৰ লগতে।তাৰ মাজতেই সুৰাৰ ৰমৰমীয়া ব্যবসায় নিৰ্বিঘ্নে চলাই সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাত অৰিহণা যোগাই আহিছিল লক্ষণ চৰকাৰে।
আৰক্ষীৰ পদক্ষেপক শলাগ লৈছে বুৰগাও ৰ সচেতন লোক সকলে।এচাম ৰাজনৈতিক ব্যক্তিৰ আশীৰ্বাদত দিনে ৰাতিয়ে এইদৰে চুলাই, বিলাতী সুৰা বিক্ৰী কৰিবলৈ সাহস পাইছিল। দৈনিক বুৰগাও চাৰিআলিত ৫০০ পেকেটৰ ওপৰত চুলাই বিক্ৰী হয় বুলি এক নিৰ্ভৰ যোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আৰু পঢ়ক: মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ….