/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-06-at-4.33.32-PM-1.jpeg)
ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। আজি জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আবকাৰী অভিযানকাৰী দলে মথুৰাপুৰ আৰক্ষীৰ সহযোগত অঞ্চলটোৰ শান্তিপুৰ, শ্ৰীপুৰ আদি স্থানত এক অভিযান চলায়।
অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ৪১০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৬ টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে ১৫ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই মদ জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়।
অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰিবলৈ সক্ষম হয় যদিও এজন ব্যক্তিক এই সংক্ৰান্তত দলটোৱে আটক কৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ৬টা গোচৰ ৰুজু কৰা হয় বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই জানিবলৈ দিছে।
আৰু পঢ়ক: যুৱতী সহ চাৰি ড্ৰাগছ আসক্তক কৰায়ত্ব…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us