/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d1ae954d-596e-4a06-a5a3-67cb4a4f6eec/New_thumbnail_Kokrajjhar.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ লায়নছ ক্লাৱ গ্ৰেটাৰ আৰু টেৰাপণ্ঠ মহিলা মণ্ডলৰ যুটীয়া উদ্যোগত আজি সমাজৰ বিভিন্ন দিশত অৰিহণা আগবঢ়োৱাৰ লগতে সংগ্ৰাম কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা চাৰি গৰাকী মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উক্ত মহিলা চাৰিগৰাকী হ'ল ক্ৰমে কোকৰাঝাৰ চহৰৰ জনপ্ৰিয় “আই” হোটেলৰ স্বত্বাধিকাৰী মঞ্জুলী কছাৰী, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক (বিজ্ঞান) শাখাৰ ছাত্ৰী অংকিতা জৈছী, বেবীলেণ্ড ইংলিছ মিডিয়াম হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষা ৰীণা মজুমদাৰ আৰু বড়ো চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী ফুজি ব্ৰহ্ম । চাৰিওগৰাকী বিদুষী মহিলাকে লায়নছ ক্লাবে সম্বৰ্ধনা পত্ৰ, আৰনাই আৰু লায়নচ ক্লাৱৰ প্ৰতীক চিহ্নৰে সম্বৰ্দ্ধনা জনায় ।
উল্লেখ্য যে লায়নছ ক্লাৱে সম্বৰ্ধিত কৰা চাৰিওগৰাকী মহিলা বিশেষ বিশেষ ক্ষেত্ৰত উজলি উঠিছে । কোকৰাঝাৰ সদৰ চহৰৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় "আই” হোটেলৰ স্বত্বাধিকাৰী মঞ্জুলী কছাৰীয়ে ২১ গৰাকী মহিলাক সংস্থাপন দি আটোমটোকাৰীকৈ হোটেলখন চলাই আছে । আই হোটেলৰ এয়াই বিশেষত্ব যে হোটেলখনৰ সমূহ কৰ্মচাৰীয়ে হ'ল মহিলা আৰু থলুৱা খাদ্য পৰিৱেশন কৰে ৷
অংকীয়া জৈছীয়ে পিতৃৰ লগত দোকানে দোকানে পাঁচ টকাকৈ চাহ বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালটোক পোহপাল দি আছে ৷ এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী হিচাবে সকলোৰে পৰিচিতি ৰীণা মজুমদাৰৰ বহু ছাত্ৰ-ছাত্ৰী বিভিন্ন বিভাগৰ উচ্চ পদবীত নিয়োজিত হৈ আছে ৷ ফুজি ব্ৰহ্ম এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও হস্ততাঁত আৰু বস্ত্ৰশিল্পত বহু কাম কৰি আছে ৷
ইপিনে সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ জুলেকাৰ আলীয়ে মহিলা সকলে বয়স অনুপাতে বিভিন্ন দিশত লবলগীয়া সাৱধানতাৰ ওপৰত পৰামৰ্শমূলক ভাষণ আগবঢ়ায় ৷
আনহাতে মুখ্য অতিথিৰ ভাষণত কোকৰাঝাৰৰ কাৰ্যবাহী দণ্ডাধীশ ৰীমা তৃষ্ণা হালৈয়ে ভাষণত নিজৰ কিছু অভিজ্ঞতাৰ কথা উল্লেখ কৰি মহিলা সকলোক সন্তানক আনৰ লগত তুলনা কৰাৰ সলনি নিজ সন্তানৰ নিজৰ প্ৰতিভাৰে আগুৱাই নিবলৈ আহ্বান জনায় ৷
লায়নচ ক্লাৱৰ সদস্যা প্ৰিয়াংকা নাহাটাই আঁত ধৰা সভাখনত উদ্বোধনী ভাষণত লায়নচ ক্লাৱ কোকৰাঝাৰ গ্ৰেটাৰৰ সভাপতি মোহিত নাহাটাই গোটেই বিশ্বখনৰ চালিকা শক্তিয়েই হৈছে নাৰী বুলি উল্লেখ কৰি বৰ্তমানৰ সময়ত বিশ্বৰ সৰ্বত্ৰে মহিলা সকলেই আগশাৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে । আজিৰ সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰে টেৰাপণ্ঠ মহিলা মণ্ডলৰ জ্যেষ্ঠ সদস্যা তথা সমাজ সেৱিকা কাঞ্চন দেৱী ভুৰাই আৰু সভাখনত লায়নছ ক্লাৱৰ সদস্য, সদস্যা আৰু অৰ্ধ শতাধিক মহিলাই অংশগ্ৰহণ কৰে ৷
Also Read: গুৱাহাটী বিমানবন্দৰৰ নতুন সূচী : এতিয়াৰে পৰা আৰু ৫ খন নতুন স্থানলৈ উৰিব বিমান...