চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ : গায়ত্রী সোণোৱালক উপহাৰ দিছিল বিলাসী বাহন

চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ : গায়ত্রী সোণোৱালক উপহাৰ দিছিল বিলাসী বাহন

author-image
Asomiya Pratidin
New Update
চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ : গায়ত্রী সোণোৱালক উপহাৰ দিছিল বিলাসী বাহন

ডিজিটেল ডেস্ক : চুপাৰি ছিণ্ডিকেটৰ গোচৰত পুনৰ এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আৰক্ষী আৰু চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ কৰা হৈছে।

Advertisment

সম্প্ৰতি এই ঘটনাৰে জড়িত থকা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা মুঠ ৭গৰাকীলৈকে বৃদ্ধি হয়। উল্লেখযোগ্য যে, শনিবাৰে নিশা চি আই ডিয়ে কিশোৰ বৰুৱাক ভৱনীপুৰৰ পৰা আটক কৰিছিল।

কিশোৰ বৰুৱা আছিল মধ্যভোগী দালাল। জানিব পৰামতে গায়ত্রী সোণোৱালৰ সৈতে কিশোৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। ধৃত কিশোৰে গায়ত্রী সোণোৱালক বিলাসী ফৰ্চুনাৰ বাহন উপহাৰ দিয়াৰ কথা পোহৰলৈ আহিছে।

আনহাতে গায়ত্রী সোণোৱালৰ হৈ দালালী কৰে কিশোৰ বৰুৱাই। ইফালে আন এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। সেয়া হ'ল গায়ত্রী সোণোৱালৰ গাড়ীচালক নবিৰ আহমেদৰ একাউণ্টৰ জৰিয়তে হৈছিল ধনৰ লেনদেন। আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বৰগোহাঁইৰ গাড়ীচালক দ্বীপজয় কলিতাৰ নামত আছিল ধনদাবীৰ চেক।

Also Read: বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক গ্রেপ্তাৰ

Assam police bajali