লীনা শইকীয়া বৰাক বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ দায়িত্ব...

লীনা শইকীয়া বৰাক বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ দায়িত্ব...

author-image
Asomiya Pratidin
New Update
লীনা শইকীয়া বৰাক বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ দায়িত্ব...

লীনা শইকীয়া বৰাক বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ দায়িত্ব...

ডিজিটেল সংবাদ বিশ্বনাথঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক দলীয় নিৰ্দেশনাৰ জৰিয়তে বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সদ্য প্ৰাক্তন সভানেত্ৰী লীনা শইকীয়া বৰাক বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ উপ-সভানেত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য, গহপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি লীনা শইকীয়া বৰাই দুবাৰকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা,দুটা কাৰ্য্যকালৰ বাবে বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত অধিষ্ঠিত আছিল। বিভিন্ন সামাজিক আৰু ৰাজহুৱা কৰ্মৰে জড়িত লীনা শইকীয়া বৰা এগৰাকী সাংস্কৃতিক শিল্পী হিচাপেও জিলাখনত সুপৰিচিত।

Also Read: বিদ্যুৎস্পৃষ্ট কিশোৰৰ মৃত্যু,ন্যায়ৰ দাবী পৰিয়ালৰলোকৰ

বিজেপি বিশ্বনাথ