বটদ্ৰৱাৰ হাটীযুজুৱা গাঁৱত ব্ৰজপাতৰ ভয়ংকৰ দৃশ্য

সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্য

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ হাটীযুজুৱা গাঁৱত ব্ৰজপাতৰ ভয়ংকৰ দৃশ্য

BATRADAVA BATRADAVA

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আজি সন্ধিয়া হোৱা এক ব্ৰজপাতৰ ঘটনাই নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী হাতীযুজুৱা গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ মোবাৰক আলী নামৰ লোকজনৰ ঘৰৰ ওচৰতে বজ্ৰপাত পৰে।

বজ্ৰপাত পৰাৰ ফলত মোবাৰক আলীৰ ঘৰৰ কাষতে থকা এজুপি নাৰিকল গছৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে জ্বলি উঠে। কিছু মূহুৰ্তৰ বাবে অঞ্চলটোৰ সকলোৰে মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

অৱশ্য ঘটনাটোত কোনো লোকৰ ক্ষতি সাধন হোৱা নাই। ব্ৰজপাতৰ পৰাৰ পাছত এক আটংকৰ পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ হাতীযুজুৱা অঞ্চলত।

assam nagaon BATRADAVA