মহামায়া বনাঞ্চল ধ্বংস হ'লে লোপ পাব মহামায়া মন্দিৰৰ ঐতিহ্য: মুখ্যমন্ত্ৰীলৈ অৰণ্য সুৰক্ষা সমিতিৰ চিঠি

মহামায়া বনাঞ্চল ধ্বংস হ'লে লোপ পাব মহামায়া মন্দিৰৰ ঐতিহ্য: মুখ্যমন্ত্ৰীলৈ অৰণ্য সুৰক্ষা সমিতিৰ চিঠি

ডিজিটেল সংবাদ, বিলাসীপাৰা : বিগত কিছুদিন ধৰি মহামায়া বনাঞ্চলত চলি থকা ব্যাপক বন ধ্বংসৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি অৰণ্য সুৰক্ষা সমিতি অসমে অসমৰ মুখ্যমন্ত্ৰীলৈ কালি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

বগৰিবাৰী ৰাজহ চক্ৰৰ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰ খনত বনাঞ্চল খনৰ বন ধ্বংস কাৰ্য প্ৰতিৰোধ কৰাৰ আহ‌বান জনাই কোৱা হৈছে যে মহামায়া বনাঞ্চল ধ্বংস হ'লে কেবল যে প্ৰকৃতিৰে ক্ষতি হ'ব এনে নহয়,মহামায়া মন্দিৰৰ ঐতিহ্যও লোপ পাব।

উল্লেখযোগ্য যে অৰণ্য সুৰক্ষা সমিতি অসমে মহামায়া বনাঞ্চলক অভয়াৰণ্য ৰূপে ঘোষণা কৰাৰ দাবী জনাই আহিছে। মহামায়া বনাঞ্চলত বিশ্বত বিৰল বগাপিঠীয়া শগুন পোৱা যায় আৰু সেয়েহে অৰণ্য সুৰক্ষা সমিতিয়ে ইয়াত জটায়ু উদ্যান স্থাপনৰো প্ৰস্তাৱ আগবঢ়াইছে। সমিতিৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে জানিবলৈ দিয়া মতে সমিতিয়ে ২০১১ চনৰ পৰা ইয়াত শগুনৰ জৰীপ চলাই আহিছে আৰু শেহতীয়াকৈ ইয়াত শগুনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in