/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/lemon.jpg)
ডিজিটেল সংবাদ, বাক্সা: এক আশা ব্যঞ্জক বতৰাৰে শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ নেমু ৰপ্তানিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত নেমু ৰপ্তানিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে। নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত উৎপাদন কৰা প্ৰায় চাৰি হাজাৰ নেমু আজি ৰপ্তানি কৰা হয়।
নেমু ৰপ্তানিৰ ফ্লেগ অফ কৰি জিলা উপায়ুক্ত আয়ুষ গাৰ্গে কয় যে বাক্সা জিলাৰ কৃষক সকলে এতিয়া আৰু উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে। সকলো কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। জিলা কৃষি বিভাগৰ লগতে আন বিভাগ সমুহেও কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সহায় সহযোগিতা আগবঢ়াব। কৃষক সকলে প্ৰতিদিনে এক হাজাৰ কিলোগ্ৰাম নেমু উৎপাদন কৰি সেইবোৰ ৰপ্তানি কৰিবলৈ আহ্বান জনায়।
আনহাতে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতাই জিলা উপায়ুক্ত আয়ুষ গাৰ্গৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে বিদেশলৈ নেমু ৰপ্তানি কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে। বাক্সা জিলা নেমু খেতিৰ বাবে উত্তম ঠাই। সেয়েহে নেমু খেতি কৰাৰ বাবে কৃষক সকল আগবাঢ়ি আহিছে। ইতিমধ্যে প্ৰায় সাতশ পঞ্চাছ গৰাকী কৃষকে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডত পঞ্জীভুক্ত হৈ নেমু খেতিৰ উৎপাদনেৰে এক বিপ্লৱৰ সূচনা কৰা বুলি উল্লেখ কৰি তেওঁ কৃষিখণ্ডক বানিজ্যকৰণ কৰাৰ বাবে হাতত লোৱা বুলি মন্তব্য কৰে।
উল্লেখ্য যে দুবছৰ পূৰ্বেপূৰ্বে হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্টইষ্ট এণ্ড হিমালয়ান ষ্টেট নামৰ কেন্দ্ৰীয় আঁচনিৰ জড়িয়তে ইণ্ডিয়ান চ'ছাইটি অৱ এগ্ৰিবিজনেছ প্ৰফেচনেলচৰ সহযোগত নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড গঠন কৰা হৈছিল। আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন, আৰক্ষী অধীক্ষক ৰাজেন সিং, বাক্সা জিলাৰ কৃষি বিষয়া দুলাল দাস, জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক হীৰেন তালুকদাৰ, উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ তামুলপুৰৰ অধীক্ষক দূৰ্গা কিংকৰ ভট্টাচাৰ্যৰ লগতে বহু লোক উপস্থিত থাকে।