লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় গৃহৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

ধলাইবিলত লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় গৃহৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
 লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় গৃহৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত বুধবাৰে উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ এটি নৱনিৰ্মিত কাৰ্যালয় গৃহৰ দ্বাৰ উন্মোচন হয়। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই গৃহটো উন্মোচন কৰে ৷

Advertisment

উন্মোচনী ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে লেখিকা সমাৰোহ সমিতিৰ পদক্ষেপৰ আদৰণি জনাই কয় যে এই কাৰ্যালয় গৃহৰ জৰিয়তে অঞ্চলটোৰ মহিলা সকলে শৈক্ষিক সামজিক ক্ষেত্ৰ খনত কাম কাজ পৰিচালনা কৰাত সহায়ক হ'ব৷ বিধায়ক গৰাকীয়ে ইয়াৰ লগতে সংযোজন কৰি এটি পুথিভঁড়াল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে৷

উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অৱন্তী ভাগৱতীৰ সভাপতিত্ব অনুষ্ঠিত কাৰ্যালয়ৰ গৃহৰ উন্মোচনী অনুষ্ঠানটিত জিলা সভানেত্ৰী ৰূপালী বৰা,শাখা সম্পাদিকা লাহৰি বৰা হাজৰিকা সহ সদস্যা সকলৰ লগতে স্থানীয় গাঁওপঞ্চায়ত সভাপতি সচিব, সাহিত্য সভাৰ সভাপতি সম্পাদকৰ উপৰিও বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷

Also Read: পঢ়াবহে পাৰিব, পঢ়িব নোৱাৰিব শিক্ষকে!