ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন

ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন

author-image
asomiyapratidin
New Update
ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন

ডিজিটেল সংবাদ , ঢকুৱাখনা : সাহিত্য লোক কলা সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ ঢকুৱাখনাৰ মহিলা সমাজৰ ভাষা সাহিত্য  চৰ্চাৰ একমাত্ৰ  উমৈহতীয়া মঞ্চ হ'ল  "ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি"। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্যতম  সক্ৰিয় আৰু শক্তিশালী শাখা স্বৰূপ এই  ঢকুৱাখনা সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনখন দেওবাৰে  দিনজোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত হয়।

ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ নৱ কাঠৰবাৰীস্থিত নিজা কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত অধিৱেশনৰ পতাকা উত্তোলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ,প্ৰবীণ শিক্ষাবিদ পুষ্পা গগৈয়ে । ইয়াৰ পাছতে সমিতিৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনৰ দ্বাৰ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষাবিদ  চেনিৰাম বৰুৱাই । সমাৰোহ সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা , সমূহ বিষয় ববীয়া , কাব্য সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিত সভা গৃহত শ্বহীদ কনকলতা বঁটা প্ৰাপক , প্ৰয়াত মুক্তিযুদ্ধা সোন পাহী দাসৰ  সশ্ৰদ্ধ স্মৃতিত অনুষ্ঠিত স্মৃতি চাৰণ ও বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰে লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা চেনেহী দত্তই ।

দুপৰীয়া  লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰুণু বৰা চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। মহকুমাধিপতি অৰিন্দম বৰুৱাই উদ্ধোধন কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মৌচুমী গগৈ হাতীবৰুৱাই। গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে  প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈ ,  বিদ্যা দত্ত । জনাকীৰ্ণ  মুকলি সভাত সম্পাদিকা মৌচুমী গগৈ হাতীবৰুৱাৰ পৰিচালনাত শিক্ষা , সাহিত্য ,সংস্কৃতি ,সমাজ সেৱা আদি বিভিন্ন ক্ষেত্ৰত  বিশেষ পাৰদৰ্শিতা প্রদর্শন কৰি ঢকুৱাখনালৈ  গৌৰৱ কঢ়িয়াই অনা ক্ৰমে  মিনু দাস ,মৌচুমী গগৈ হাতী বৰুৱা , নৱনীতা গগৈ ,জ্যোতি নীলিমা গগৈ , অপৰাজিতা বুঢ়া গোঁহাই , ময়ূৰ কৃষ্ণা বৰা কোঁৱৰ , সান্তনা বৰুৱা , স্বৰ্ণ গগৈ চমুৱা সহ সৰ্বমুঠ ৮ গৰাকী  সফল আৰু প্ৰতিভাধৰ মহিলাক চেলেং চাদৰ , মুখপত্ৰ "মনস্বী" আৰু ফুলাম গামোচাৰে সন্মানিত কৰা হয়। 

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি  সাহিত্য চৰ্চা আৰু কাব্য সাহিত্যৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই নৰ্থ বেংক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা গায়ত্ৰী দলেয়ে ।  সভাতেই বিদ্যাৱতী শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা  সমাৰোহৰ দশম সংখ্যক বাৰ্ষিক মুখপত্ৰ "মনস্বী"খন উন্মোচন কৰা হয়  মাংগলিক পৰিবেশত। মুখপত্ৰখন উন্মোচন কৰে জিতু কুমাৰ চমুৱাই। 

অধিবেশনতেই অনাগত ২ বছৰীয়া  কাৰ্যকালৰ বাবে বিদ্যাৱতী শইকীয়াক সভানেত্ৰী , নৱনীতা গগৈক সম্পাদিকা , পুষ্পা গগৈক মুখপত্ৰৰ সম্পাদিকা হিচাপে লৈ গঠিত নতুন সমাৰোহ সমিতিখনে শপত গ্ৰহণ  কৰে ।

আৰু পঢ়ক: অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

assam dhakuakhana