অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বকোৰ বিধায়িকা নন্দিতা দাস…

অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বকোৰ বিধায়িকা নন্দিতা দাস…

author-image
asomiyapratidin
New Update
অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বকোৰ বিধায়িকা নন্দিতা দাস…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত চলি থকা অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বকোৰ বিধায়িকা নন্দিতা দাসে । জানিব পৰা মতে, বনবিভাগৰ পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰণ বিষয়াৰ কাৰ্যালয় আৰু শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ শিংৰা নদীৰ পৰা অবৈধ ভাবে বালি খনন কৰি সৰবৰাহ কৰাৰ কথা বকোৰ বিধায়িকা নন্দিতা দাসক ভালাপাৰা গাঁৱৰ ৰাইজে অৱগত কৰে । শিংৰা নদীৰ ভালাপাৰা ঘাটৰ পৰা মেচিনেৰে বালি খনন কৰি অহৰহ বালি সৰবৰাহ কৰাৰ ফলত নৈখনত কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা শিংৰা জলসিঞ্চন প্ৰকল্পৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে বুলিও ৰাইজে বিধায়ক গৰাকীক জনায়  । এই সন্দৰ্ভত ভালাপাৰাগাঁৱৰ ৰাইজে ইতিমধ্যে বহুবাৰ শিংৰা বনাঞ্চলিক বিষয়াৰ উপৰিও পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াক জনোৱাৰ পিছতো বালি বেপাৰীৰ বিৰুদ্ধে কোনোধৰণ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে বিধায়িকাগৰাকীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ বাধ্য হয় । গাঁৱখনৰ ৰাইজৰ অভিযোগৰ ভিত্তিত বকোৰ বিধায়িকা নন্দিতা দাসে অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

Advertisment

বিধায়িকাগৰাকীয়ে অতি সাহসেৰে যোৱা ২৬ আগষ্টত শিংৰা নদীৰ ভালাপাৰা ঘাটত উপস্থিত হৈ নদীৰ ঘাটটোত বালি ব্যৱসায়ীয়ে থুপাই থোৱা বালিৰ দ'ম আৰু মেচিনেৰে বালি খনন কৰি থকা দৃশ্যবোৰ ভিডিঅ' ক'লৰ জৰিয়তে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াক দেখুৱাই ইয়াৰ প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে। বকোৰ বিধায়িকা নন্দিতা দাসে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়াক এনেদৰে ভিডিঅ' ক'লৰ সহায়ত বালি ব্যৱসায়ীয়ে শিংৰা নদীৰ পৰা মেচিনেৰে বালি খনন কৰি থকা দৃশ্য দেখুৱাই দিয়াৰ তিনিদিন উকলি যোৱাৰ পিছতো কিন্ত বিষয়াগৰাকীয়ে অবৈধ ভাবে বালি সৰবৰাহ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কোনোধৰণ বিহীত ব্যৱস্থা গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই।

উল্লেখযোগ্য যে যোৱা দুদিনত বকোৰ শিংৰা নদীৰ বাকাৰাপাৰা আৰু ৰৌমাৰী নামৰ ঘাট দুটাত বনবিভাগে অভিযান চলাই বালি খনন কৰা মেচিন, বালি কঢ়িওৱা ট্ৰেক্টৰ, বলেৰ' পিকআপ ভান আদি জব্দ কৰিছিল। কিন্তু ইয়াৰ পিছতো এতিয়াও সেই ঘাট দুটাৰ উপৰিও আন আন ঘাটৰ পৰা ডি আই , ডাম্পাৰ আদি গাড়ীৰে গোপনে বালি সৰবৰাহ কৰি থকাৰ অভিযোগ পোৱা গৈছে ।

আৰু পঢ়ক : বজালী আৰু কাৰ্বি আংলঙত আৰক্ষীৰ অভিনৱ প্ৰচেষ্টা…

BOKO Assam police