নগাঁও এৰিলে লীনা দলে: নিশাই আনুষ্ঠানিক দায়িত্ব অৰ্পন নৱনীত মহন্তক...

নগাঁও এৰিলে লীনা দলে: নিশাই আনুষ্ঠানিক দায়িত্ব অৰ্পন নৱনীত মহন্তক...

ডিজিটেল সংবাদ, নগাঁও : নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিলে নৱনীত মহন্তই ৷ দেওবাৰে নিশা প্ৰায় ১০ বাজি ৪০ মিনিটত লীনা দলেৰ পৰা আৰক্ষী অধীক্ষকৰ দায়িত্ব চমজি লয় নৱনীত মহন্তই ৷

এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰিছিল ৷ দলেক হাইলাকান্দিলৈ বদলি কৰাৰ বিপৰিতে নৱনীত মহন্তক নগাঁৱলৈ বদলি কৰে ৷ চৰকাৰী নিৰ্দেশৰ পিছতে দেওবাৰে নিশা লীনা দলেয়ে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ আনুষ্ঠানিক দায়িত্ব নৱনীত মহন্তক অৰ্পন কৰে ৷

সমান্তৰালভাবে সোমবাৰে বিয়লি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ বাসগৃহ ত্যাগ কৰে বিদায়ী আৰক্ষী অধীক্ষক লীনা দলেয়ে ৷ অৱশ্যে লীনা দলেয়ে চৰকাৰী বাসগৃহ ত্যাগ কৰিছে যদিও নৱ-নিযুক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তই বৰ্তমানেও চৰকাৰী আবাসগৃহত প্ৰৱেশ কৰা নাই ৷

ইপিনে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰাৰ পিছত সাংবাদিকক মন্তব্য দিয়াৰ পৰা বিৰত থাকে নৱনীত মহন্ত ৷ “নগাঁৱৰ বিষয়ে একো নাজানো ৷ পিছত লগ হ’ম" বুলি নিশা সাংবাদিকৰ পৰা আঁতৰি যায় অধীক্ষকগৰাকী ৷

আনহাতে দেওবাৰে চি আই ডিৰ শীৰ্ষ বিষয়া দেৱৰাজ উপাধ্যায়ে এ পি এছ লীনা দলে আৰু এছ আই আভাজ্যোতি ৰাভাক সোধপোচ কৰে ৷ ইয়াৰ পিছত সোমবাৰে চি আই ডি দল উপস্থিত হয় বোকাখাতত ৷ নিজকে এছ আই জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক লগত লৈ চি আই ডি দলে বোকাখাতত অভিযান চলায় ৷ তদুপৰি বোকাখাতত দুই সংবাদকৰ্মীক সোধপোচ কৰা বুলি জানিব পৰা গৈছে ৷

নগাঁও এৰিলে লীনা দলে: নিশাই আনুষ্ঠানিক দায়িত্ব অৰ্পন নৱনীত মহন্তক...
প্ৰতিবন্ধকতা নেওচি বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in