লীলাবাৰী বিমানকোঠৰ পৰা আৰম্ভ হ’ল এলায়েন্স এয়াৰৰ বিমান সেৱা...

উত্তৰ পূবৰ আকাশত একেদিনাই উৰিল ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান
leelabari airport
leelabari airport

ডিজিটেল ডেস্ক : উত্তৰ পূবৰ আকাশত একেদিনাই উৰিল ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ ', ছিলং, ইম্ফল আৰু আইজাল এই বিমানকোঠ কেইটাৰ পৰা চলিল এলায়েন্স এয়াৰৰ বিমান।

আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে ভাৰ্চুৱেলী এই বিমান সেৱা শুভাৰম্ভ কৰে ৷ লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন চিলঙলৈ আৰু দুটা দিন জিৰ' লৈ চলিব এই বিমান ৷

আনহাতে লীলাবাৰীৰ পৰা পাচিঘাট, লীলাবাৰী পৰা তেজপুৰৰ মাজতো এই বিমান সেৱা আৰম্ভ কৰা হৈছে ৷ সপ্তাহত চাৰিদিন এই বিমান শ্বিলঙলৈ আৰু দুদিন জিৰ’ লৈ উৰিব ৷ লীলাবাৰীৰ পৰা পুৱা ১০.৩০ বজাত উৰণ আৰম্ভ কৰি শ্বিলঙত বিমানখনে ১১.৩০ত অৱতৰণ কৰিব ৷ ঠিক সেইদৰে ১১.৫৫ মিনিটত উৰণ আৰম্ভ কৰি লীলাবাৰীত ১২.৫৫ ত অৱতৰণ কৰিব ৷

সপ্তাহত দুদিন এই বিমান অৰুণাচলৰ জিৰ’লৈ যাব ৷ লীলাবাৰী পৰা ১১.৫৫ মিনিটত উৰণ আৰম্ভ কৰি জিৰ’ত ১২.২৫ ত উপস্থিত হ’ব ৷ ঠিক সেইদৰে জিৰ’ৰ পৰা ১২.৪৫ বজাত উৰণ আৰম্ভ কৰি লীলাবাৰীত ১৩.১৫ বজাত অৱতৰণ কৰিব ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in