অসম সন্তানে জিকিলে নেকি মাষ্টাৰচেফ, ২০২৩ ?

অসম সন্তানে জিকিলে নেকি মাষ্টাৰচেফ, ২০২৩ ?

ডিজিটেল ডেস্ক : সময়ৰ সৈতেই সলনি হৈছিল সমাজৰ বান্ধোনৰ নিয়ম কানুন । এসময়ত ৰন্ধন প্ৰকৰণৰ নাছিল বৰ্তমানৰ দৰে গ্লেমাৰ । কিন্তু ৰন্ধনো যে এক কলা সেই কথা বুজি পাবলৈ বেছি সময়ৰ প্ৰয়োজন নহ'ল আধুনিক সমাজক । অৱশ্যে ভাৰত পূৰ্বৰে পৰাই বিখ্যাত বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰ আৰু শৈলীৰ বাবে । তাৰ মাজতেই ২০০৯ চনত অষ্ট্ৰেলিয়াত আৰম্ভ কৰা হ'ল মাষ্টাৰচেফ, অষ্ট্ৰেলিয়া । দেশখনৰ বিভিন্ন প্ৰান্তৰ ৰান্ধনীসকলে অংশ ল'লে এই প্ৰতিযোগিতাত । সকলোৰে মাজত বিচাৰকে নিৰ্বাচন কৰি উলিয়ালে শ্ৰেষ্ঠ ৰান্ধনী গৰাকী ।

আৰম্ভণিৰ লগে লগেই জনপ্ৰিয় হৈ পৰিল টেলিভিছন চিৰিজটো । বিশ্ব আন বহু দেশে ইয়াক অনুকৰন কৰি আৰম্ভ কৰিলে মাষ্টাৰচেফ । ভাৰতো পিছ পৰি নাথাকিল, ২০১০ চনত অনুষ্ঠিত কৰা হ'ল মাষ্টাৰচেফ, ইণ্ডিয়া । মূল মাষ্টাৰচেফ ফ্ৰেন্সাইজীৰে ভাৰতীয় সংস্কৰণ । তেতিয়াৰে পৰাই ভাৰতৰো চূকে কোণে মুহুৰ্ততে বিয়পি পৰিল ইয়াৰ জনপ্ৰিয়তা ।

২০২৩ বৰ্ষৰ মাষ্টাৰচেফ অসমৰ বাবে আছিল গুৰুত্বপূৰ্ণ । কিয়নো চিৰিজটোৰ ফাইনেলত উপস্থিত হৈছিল অসমীয়া যুৱক নয়নজ্যোতি শইকীয়া । তিনিচুকীয়াৰ ২৬ বছৰীয়া যুৱকজনে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অংশগ্ৰহণ কৰিছিল মাষ্টাৰচেফত । পূৰ্বতে ৰন্ধনৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকৈয়ো সকলোৰে মন মুহিবলৈ সক্ষম হৈছিল প্ৰথম দিনৰ পৰাই ।

কিন্তু তাৰ মাজতেই সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । মাষ্টাৰচেফৰ কোনো এক অনুৰাগীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো । ফটোখনত নয়নজ্যোতিক মাষ্টাৰচেফ, ইণ্ডিয়াৰ ট্ৰ'ফীটোৰ সৈতে দেখা গৈছিল । নয়নজ্যোতিক আগুৰি আছিল বিচাৰকমন্দলীয়ে ।

উল্লেখ্য যে, বৰ্তমানলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই মাষ্টাৰচেফ ইণ্ডিয়া, ২০২৩ ৰ বিজেতাৰ নাম । তেনেস্থলত এইদৰে এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰাত সকলোৰে সন্দেহ যে নয়নজ্যোতি শইকীয়াই নেকি চলিত বৰ্ষৰ বিজেতা ?

এতিয়া অপেক্ষা মাথো আনুষ্ঠানিক ঘোষণাৰ । তাৰ পাছতেই অন্ত পৰিব সকলো কল্পনা-জল্পনাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in