Advertisment

লক্ষ্মীকান্ত ডুবেক 'আপ'ৰ জ্যেষ্ঠ মুখপাত্ৰ নিযুক্তি...

মঙলবাৰে ঘোষণা কৰা এই নিৰ্দেশনা অনুসৰি ৰাজ্যিক মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পলৰ নেতৃত্বত ১১ জনীয়া মুখপাত্ৰৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু অনুৰূপা ডেকাৰজাক মুখ্য মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
লক্ষ্মীকান্ত ডুবেক 'আপ'ৰ জ্যেষ্ঠ মুখপাত্ৰ নিযুক্তি...

ডিজিটেল সংবাদ গুৱাহাটীঃ আম আদমী পাৰ্টিৰ ৰাজ্যিক গৱেষণা কোষৰ তত্ত্বাৱধায়ক লক্ষ্মীকান্ত ডুবেক দলৰ ৰাজ্যিক কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা স্বাক্ষৰিত নিৰ্দেশনা মৰ্মে ডুবেক জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰা হয়।

Advertisment

মঙলবাৰে ঘোষণা কৰা এই নিৰ্দেশনা অনুসৰি ৰাজ্যিক মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পলৰ নেতৃত্বত ১১ জনীয়া মুখপাত্ৰৰ তালিকা প্ৰকাশ কৰা হয়। ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাক মুখ্য মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ লগতে সাধাৰণ সম্পাদক পুনম গগৈকো জ্যেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজ্যিক কমিটীৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰা অম্লানজ্যোতি হাতীবৰুৱা, ৰুদ্ৰাংকুৰ হাজৰিকা, জাৰবম কুটুম, মাছুমা বেগম, দিব্যজ্যোতি কুলী, ৰামা পৰিহাৰ আৰু নীলমণি শইকীয়াক ৰাজ্যিক মুখপাত্ৰ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে আপ, অসমৰ আটাইকেইগৰাকী উপ সভাপতি আৰু সাধাৰণ সম্পাদক সকলেও দলৰ মুখপাত্ৰৰ ভূমিকা পালন কৰিব।

আপ অসম