গহপুৰত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ নিয়মীয়া পাঠদানৰ শুভাৰম্ভণী অনুষ্ঠান

গহপুৰত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ নিয়মীয়া পাঠদানৰ শুভাৰম্ভণী অনুষ্ঠান

author-image
asomiyapratidin
New Update
গহপুৰত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ নিয়মীয়া পাঠদানৰ শুভাৰম্ভণী অনুষ্ঠান

ডিজিটেল ডেস্কঃ ৪ এপ্ৰিলৰ পৰা শৈলজা সংকল্প ট্ৰাষ্টৰ উদ্যোগত শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত ৰাজস্থান 'KOTA' ৰ এটা উল্লেখযোগ্য কছিং ইনষ্টিটিউট 'MOTION' ৰ দ্বাৰা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ নিয়মীয়া পাঠদানৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ'বলগা উক্ত অনুষ্ঠানত 'বিবেকানন্দ চিভিল চাৰ্ভিছ একাডেমী', গুৱাহাটী আৰু 'KOTA' ৰ অভিজ্ঞ শিক্ষক উপস্থিত থাকিব।

Advertisment

জানিব পৰা মতে, ৪ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগা এই পাঠদান কাৰ্যসূচীত নৱম শ্ৰেণীৰ পৰা উৰ্ধৰ শিক্ষাৰ্ক্ষীয়ে নামভৰ্তি কৰিব পাৰিব। মেডিকেল, ইঞ্জিনিয়াৰিঙৰ উপৰিও লোকসেৱা আয়োগৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বৰ বাবে লগা যোগ্যতা আৰু দক্ষতাৰ ওপৰতো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব।

শুভাৰম্ভণী অনুষ্ঠানত 'MOTION' গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকেও অংশগ্ৰহণ কৰিব। সেয়েহে অনুষ্ঠানত আয়োজকসকলে ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতি কামনা কৰিছে।