/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-04-at-3.34.47-PM.jpeg)
ডিজিটেল সংবাদ,ধুবুৰী: আগমনি ৰাজহ চক্ৰৰ এজন লাট মণ্ডলক ধুবুৰী জিলা উপায়ুক্তই সোমবাৰে এক নিৰ্দেশযোগে চাকৰিৰ পৰা নিলম্বন কৰিছে ৷ ক্ষীৰোদ চন্দ্ৰ দাস নামৰ আগমনি ৰাজহ চক্ৰৰ লাট মণ্ডলজনৰ বিৰুদ্ধে মিছন বসুন্ধৰাৰ হেল্পলাইনত উৎকোচ বিচৰাৰ অভিযোগ দাখিল হৈছিল৷
এই সন্দৰ্ভত জিলা উপায়ুক্তই অভিযোগকাৰীৰ শুনানি গ্ৰহণ কৰে৷ শুনানিৰ পিছত দেখা যায় যে লাট মণ্ডলজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ যুক্তি যুক্ততা আছে আৰু অধিক তদন্তৰ প্ৰয়োজনীয়তা আছে৷
সেয়ে ৰাজহুৱা স্বাৰ্থত আৰু পৰৱৰ্তী মুক্ত আৰু নিকা তদন্তৰ বাবে লাট মণ্ডলজনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ নিলম্বন কৰাৰ নিৰ্দেশনা জাৰি কৰে জিলা উপায়ুক্তই৷
আৰু পঢ়ক: চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…