/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/cccc.png)
ডিজিটেল ডেস্ক: দিছপুৰত চলি থকা কমনৱেলথ সংসদীয় সংস্থাৰ শীৰ্ষ কাৰ্যবাহী বৈঠকৰ আজি অন্ত পৰিব। ৫৩ খন কমনৱেলথ দেশৰ ভিতৰত ২০ খন দেশৰ মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি সহ বহুকেইখন দেশৰ প্ৰতিনিধিক লৈ অনুষ্ঠিত এই বৈঠক ৯ এপ্ৰিলত উদ্বোধন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।
অসম বিধানসভাৰ এচেম্বলী চেন্ট্ৰেল হ'লত অনুষ্ঠিত এই অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। এই বৈঠকত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি বিভিন্ন দিশৰ ওপৰত আলোচনা হয়।
যোৱা নিশা এই প্ৰতিনিধি সকলৰ মাজত এক নৈশ ভোজৰ আয়োজন হয়। তাৰপাছতে মঙলবাৰে পুৱাৰ আহাৰৰ পাছত দুপৰীয়া ১২.৩০ বজাত সামৰণি অনুষ্ঠান অসম বিধানসভাৰ চেন্ট্ৰেল হ'লত আৰম্ভ হয়। এই চেন্ট্ৰল হ'লত লোকসভাৰ অধ্যক্ষৰ লগতে কমনৱেলথ দেশ সমূূহৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।
এই বৈঠকৰ অন্তত ৰাজ্য়পাল প্ৰফেচাৰ জগদীশ মুখীয়ে সকলোকে কৃতজ্ঞতা জনাই সামৰণি ভাষণ প্ৰদান কৰিব। ইয়াৰ পাছতেই প্ৰায় ১.৪৫ বজাত লোকসভাৰ অধ্যক্ষই দেশৰ সংবাদ মাধ্যমক সম্বোধন কৰি বৈঠকৰ বিষয়ে অৱগত কৰাব।
আৰু পঢ়ক: মহানগৰীত চাঞ্চল্য; উদ্ধাৰ যুৱকৰ মৃতদেহ