আজি সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা...

ৰাজ্যজুৰি লক্ষ্মী দেৱীৰ পূজাৰ বাবে সাজু ৰাজ্যবাসী

author-image
Asomiya Pratidin
New Update
আজি লক্ষ্মী পূজা

আজি সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা...

ডিজিটেল ডেস্কঃ'ঔঁ বিশ্বৰূপস্য ভাৰ্যাসি,পদ্মে পদ্মালয়ে শুভে। সৰ্বত্ৰ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে।।' আজি ধনৰ অধিষ্ঠাস্ত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা। ৰাজ্যজুৰি পালন কৰা হ'ব লক্ষ্মী পূজা।

Advertisment

ধন-ঐশ্বৰ্য্য-বিভূতি,সুখ-শান্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ বন্দনাৰে মুখৰ হ'ব ৰাজ্যৰ বিভিন্ন অঞ্চল। ইতিমধ্যে ৰাজ্যৰ কেতবোৰ অঞ্চলত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ঠাই বিশেষে এদিনীয়া,তিনিদিনীয়া তথা পাঁচদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ'ব লক্ষ্মী পূজা।

উল্লেখ্য যে, সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা ভাৰতৰ অসম, পশ্চিম বংগ, ত্ৰিপুৰা আৰু উৰিষ্যা আদি ৰাজ্যৰ লগতে আন বহু কেইখন ৰাজ্যত পালন কৰা হয়। এই ৰাজ্যসমূহত দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ দৰেই লক্ষ্মী পূজাও অনুষ্ঠিত হয়।

জনশ্ৰুতি অনুসৰি, আজি দেৱী লক্ষ্মীয়ে ভ্ৰমণ কৰে প্ৰত্যেকগৰাকী ভক্তৰ বাসগৃহ । সেই বাবেই আজিৰ দিনটোত নিজে নিজে বাসগৃহসমূহক সজাই পৰাই তুলি অপেক্ষা কৰা হয় দেৱী গৰাকীৰ আগমনলৈ ।

লক্ষ্মী পূজা উপলক্ষে ৰাজ্যখনত ব্যাপক প্ৰস্তুতিও চলিছে। গুৱাহাটী মহানগৰীও নহ'ল ইয়াৰ ব্যতিক্ৰম। অৱশ্যে পুৱাই অহা এজাক বৰষুণে লক্ষ্মী দেৱীৰ পূজাত ম্লান পেলাব নেকি বুলিও চিন্তা হৈছে ভক্তৰ।

Also Read: ঝাৰগাঁৱস্থ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ১৫দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি...

লক্ষ্মী পূজা