লংকাৰ কাকীত বনৰীয়া হাতীৰ সন্ত্ৰাস...

লংকাৰ কাকীত বনৰীয়া হাতীৰ সন্ত্ৰাস...

author-image
Asomiya Pratidin
New Update
লংকাৰ কাকীত বনৰীয়া হাতীৰ সন্ত্ৰাস...

ডিজিটেল সংবাদ, লংকাঃ পুৱতি নিশা চাৰিজনীয়া বনৰীয়া হাতীৰ দলে কাকী টিলাবজাৰ দুই হাজাৰ বিঘাৰ বিহাৰী বস্থিত সন্ত্ৰাস চলাই ঘৰ দুৱাৰ লণ্ড ভণ্ড কৰাৰ লগতে ভৰালৰ ধান,বাৰীৰ তামোল নাৰিকল গছ আদি অনিষ্ট সাধন কৰে।

Advertisment

উল্লেখযোগ্য যে যোৱা ২ জুনত সুন্দৰ হৰিজন নামৰ লোকজনৰ ঘৰ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাৰ পাছত যেনে তেনে মেৰামতি কৰি বাস কৰি ‌আছিল যদিও পুনৰ দ্বিতীয় বাৰৰ বাবে বনৰীয়া হাতীয়ে ক্ষতিসাধন কৰে।।

ইফালে জগদীশ যাদৱ,সতীষ যাদৱ,মিঠুন দাস আৰু শুভাৱতী দেৱী নামৰ মহিলা গৰাকীও ঘৰ দুৱাৰ অনিষ্ট সাধন কৰাৰ লগতে বাৰীৰ তামোল নাৰিকল গছ আদি ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও ভৰালৰ ধান খাই তহিলং কৰে।

Also Read: এইবাৰ ৪০০পাৰঃ বিজেপিৰ এই শ্লোগানৰ বাবেই এইবাৰ আসনৰ সংখ্যা কমিল...

লংকা