/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/lkjhkljd.jpg)
ডিজিটেল ডেস্ক: মণিপুৰৰ ন'নে জিলাৰ তুপুলৰ ভূমিস্খলনত সন্ধানহীন হৈ থকা ৰেল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহক লৈ সৃষ্টি হৈছে এক অনাকাংশিত পৰিস্থিতি।
আগমণি থানাৰ অন্তৰ্গত কালদুৱাৰ দ্বিতীয়খণ্ড গাঁৱৰ কমলেশ তালুকদাৰৰ মৃতদেহ পৰিলায়ে চিনাক্ত কৰাৰ পাছতো একেটা মৃতদেহ মৰিগাঁৱৰ ৰামু ফুকনৰ বুলি দাবী কৰাত এই সমস্যাৰ সৃষ্টি হয়।
কিন্তু মণিপুৰ প্ৰশাসনে মৃতদেহটো মৰিগাঁৱৰ ৰামু ফুকনৰ পৰিয়ালক চমজাই দিয়াৰ পাছত ইয়াক লৈ দুদিন ধৰি চলি থকা বিতৰ্কৰ অন্ত পৰে। ২৯ জুনৰ দিনা মণিপুৰত হোৱা ভূমিস্খলনত কমলেশ তালুকদাৰ নিখোজ হৈ থকা খবৰ লাভ কৰাৰ পাছতেই ৩০ জুনৰ নিশা তালুকদাৰৰ ৫ জনীয়া এটা সদস্য দল মণিপুৰলৈ ৰাওনা কৰিছিল।
৪ জুলাইত উদ্ধাৰ হোৱা মৃতদেহবোৰৰ ভিতৰত এটা মৃতদেহ তালুকদাৰৰ পৰিয়ালে কমলেশ তালুকদাৰ বুলি দাবী কৰিছিল।মৰণোত্তৰ পৰীক্ষাৰ লগতে আন আনুষ্ঠানিকতাৰ অন্তত মঙলবাৰ মৃতদেহটো ঘৰলৈ আনিব বুলি ভৱা হৈছিল যদিও ৫ জুলাইত উক্ত মৃতদেহটো মৰিগাঁৱৰ ৰামু ফুকনৰ পৰিয়ালে তেওঁলোকৰ বুলি দাবী কৰাত মৃতদেহটো কাক চমজাই দিব তাক লৈ মণিপুৰ প্ৰশাসন এক সমস্যাত পৰে।
সেই সময়তে প্ৰশাসনে মৃতদেহটো ডিএনএ পৰীক্ষা কৰিব বুলি ঘোষণা কৰিছিল। তাৰ পাছত কমলেশ তালুকদাৰৰ বুলি চিনাক্ত কৰা মৃতদেহটো ৰামু ফুকনৰ পৰিয়ালক চমজাই দিয়ে।
উল্লেখ্য যে, ৰামুৰ পৰিয়ালে এটা তাবিজৰ ওপৰত ভিত্তি কৰি উক্ত মৃতদেহটো ৰামু ফুকন বুলি দাবী কৰিছিল।ডিএনএ পৰীক্ষাতো সেই কথা পোহৰলৈ অহাত দুপৰীয়া প্ৰায় ১২ বজাত মৃতদেহটো ৰামুৰ পৰিয়াললৈ চমজাই দিয়ে আৰু কাইলৈ পুৱা আহি মৰিগাঁও পাবহি।
ইফালে সেই ঘটনাৰ পাছতেই কমলেশ তালুকদাৰৰ পৰিয়ালত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।কমলেশ তালুকদাৰৰ ৬ মহীয়া অন্তসত্বা পত্নী অসুস্থ হৈ পৰাত তেওঁৰ লগতে মাককো কোচবিহাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সেই শোকাবহ ভূমিস্খলনত মৃত্যু হ'লেও তেওঁৰ নশ্বৰ দেহ লাভ কৰা বুলি পৰিয়ালটোৱে সান্তনা লভিছিল যদিও শেষ মুহুৰ্তত সেয়া তেওঁৰ মৃতদেহ নহয় বুলি নিশ্চিত হোৱাত এক অনিশ্চিয়তাৰ মাজত পৰিয়ালটোৱে সময় অতিবাহিত কৰিছে।
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…