মাটিৰ বিবাদ সন্দৰ্ভত চৰকাৰী গাওঁবুঢ়াৰ বিৰুদ্ধে অভিযোগ

কামপুৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা ।
মাটিৰ বিবাদ সন্দৰ্ভত চৰকাৰী গাওঁবুঢ়াৰ বিৰুদ্ধে  অভিযোগ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং কচুৱাত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত চলিছে তীব্ৰ সংঘাত। কামপুৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা । ২নং কচুৱাৰ ৰাবিয়া খাতুন নামৰ মহিলা গৰকীয়ে অভিযোগ কৰিছে যে প্ৰৱঞ্চনা আৰু ভুৱা চহী জালিয়াতিৰে মহিলা গৰাকীৰ মাটি খুদেজা খাতুন নামৰ মহিলা গৰাকীৰ নামলৈ হস্তান্তৰ কৰিছে। ৰাবিয়া খাতুনে অভিযোগ আনিছে সাহাব উদ্দিন আৰু চৰকাৰী গাঁওবুঢ়া চামচুল জামানৰ বিৰুদ্ধে ।

উল্লেখ্য যে ৰাবিয়া খাতুনৰ ২নং কচুৱা কিচামতৰ ৫২ নং ম্যাদী পট্টাৰ ১০২/১০৩ নং দাগৰ মাটিখিনি চৰকাৰী গাঁওবুঢ়াই চক্ৰান্ত কৰি ভুৱা চহীৰে খুদেজা খাতুনৰ নামলৈ হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি কচুৱা থানাত চৰকাৰী গাওঁবুঢ়া চামচুল জামানৰ লগতে চাহাব উদ্দীন আৰু খুদেজা খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভোক্তভোগী ৰাবিয়া খাতুনে ।

আনফালে ৰুবিয়া খাতুনৰ এই অভিযোগ অস্বীকাৰ কৰিছে খুদেজা খাতুন আৰু গাওঁবুঢ়া চামচুল জামানে।ৰুবিয়া খাতুনে স্ব -ইচ্ছাৰে খুদেজা খাতুনৰ ওচৰত মাটি বিক্ৰী কৰা বুলি জানিব দি ৰাবিয়া খাতুনৰ চহী সম্বলিত দলিল সংবাদমাধ্যমৰ ওচৰত দাঙি ধৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in