বঢ়মপুৰত মিছন বসুন্ধৰা ২.০ৰ অধীনত ২৬৩ গৰাকীক ভূমিপট্টা প্ৰদান

বঢ়মপুৰত মিছন বসুন্ধৰা ২.০ৰ অধীনত ২৬৩ গৰাকীক ভূমিপট্টা প্ৰদান

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত মিছন বসুন্ধৰা ২.০ৰ অধীনত ২৬৩ গৰাকীক ভূমিপট্টা প্ৰদান

ডিজিটেল সংবাদ , বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰৰ শ্বহীদ ভৱনত বুধবাৰে মিছন বসুন্ধৰা ২.০ ৰ অধীনত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ২৬৩ গৰাকী পট্টাদাৰক ভূমিপট্টা প্ৰদান কৰা হয়। সমাজকৰ্মী যতীন বৰাই আঁত ধৰা এই অনুষ্ঠানত চামগুৰি ৰাজহ চক্ৰৰ ৭৩, কামপুৰ ৰাজহ চক্ৰৰ ৫৪, নগাঁও সদৰ ৰাজহ চক্ৰৰ ২১ আৰু ডবকা ৰাজহ চক্ৰৰ ১১৫ গৰাকী হিতাধিকাৰীসহ মুঠ ২৬৩ গৰাকীৰ মাজৰে ১০ গৰাকী হিতাধিকাৰীক প্ৰতীকী ৰূপত আনুষ্ঠানিক ভাৱে ভূমিপট্টা প্ৰদান কৰা হয়।

এই অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলা অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাঙৰ লগতে কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লস্কৰ, চামগুৰি ৰাজহ চক্ৰ বিষয়া ময়ূৰপংখী বৰা, প্ৰাক্তন উপ-পৌৰপতি প্ৰমোদ লস্কৰ আদিয়ে অংশগ্ৰহণ কৰে ।

Also Read: অৱশেষত গ্ৰেপ্তাৰ পুত্ৰ-পত্নীৰ হত্যাৰ মূল অভিযুক্ত জগদীশ হালৈ...