লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সংবাদ মেল...

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ এই সংবাদ মেলৰ আয়োজন লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ

author-image
Asomiya Pratidin
New Update
লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সংবাদ মেল...

ডিজিটেল সংবাদ, লামডিং: শুকুৰবাৰে লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিয়ে সংবাদ মেলৰ আয়োজন কৰে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ এই সংবাদ মেলৰ আয়োজন কৰে কমিটিখনে।

Advertisment

লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সংবাদ মেলত উপস্থিত থাকে প্ৰাক্তন বিধায়ক স্বপন কৰ, লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সাধন ভট্টাচাৰ্য, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সদস্য মায়া চক্রৱৰ্তী, তথা লামডিংৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা-কৰ্মী।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক অগণতান্ত্ৰিক বুলি মন্ত্যব কৰে লামডিংৰ প্ৰাক্তন বিধায়ক স্বপন কৰে। আনহাতে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সদস্য মায়া চক্রৱৰ্তী কয় যে, দেশত এনে বহু নেতা-সাংসদ আছে যিয়ে চৰকাৰী বাসগৃহ দখল কৰি আছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা নকৰে।

পিছে ৰাহুল গান্ধীক আক্ৰুশমূলক ভাৱে অগণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰিছে লোকসভা ন্যায়ালয়ে। দেশত গণতন্ত্ৰক ৰক্ষা কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলে ভৱিষ্যতে প্ৰয়োজন হ'লে আন্দোলন কৰিব বুলি মত প্ৰকাশ কৰে মায়া চক্ৰৱৰ্তীয়ে।

Also Read: আহি আছে প্ৰতীক হাজেলাঃ এন আৰ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ দাবী...

indian national congress