লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক দিশৰ বিশেষ সভা সম্পন্ন

Outreach Programme of School 's Head and CRCC with the Hon'ble Deputy Commissioner " শীৰ্ষক এখনি গুৰুত্বপুৰ্ণ শৈক্ষিক সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক দিশৰ বিশেষ সভা সম্পন্ন

ডিজিটেল সংবাদ, লালুক: লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ নিজ লালুক মণ্ডল সমল কেন্দ্ৰৰ লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে Outreach Programme of School 's Head and CRCC with the Hon'ble Deputy Commissioner " শীৰ্ষক এখনি গুৰুত্বপুৰ্ণ শৈক্ষিক সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিহপুৰীয়া শিক্ষাখণ্ডৰ সকলো মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ লগতে বিহপুৰীয়া শিক্ষাখণ্ডৰ প্ৰতিখন বিদ্যালয়ৰ, বিদ্যালয় প্ৰধানসকল উপস্থিত থাকে৷

Advertisment

উক্ত অনুষ্ঠানত লখিমপুৰ জিলাৰ উপায়ুক্ত সমিত চাত্তাৱন, জিলা আয়ুক্তৰ লগতে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা বিভাগ) ভাস্কৰ জ্যোতি বৰা, লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক,জিলা প্ৰাথমিক শিক্ষা বিষয়া , জিলা মিছন সমন্বয়ক হেমচন্দ্ৰ শইকীয়া, লখিমপুৰ জিলাৰ সৰ্বশিক্ষা অভিযান মিছন ৰ জিলা আচঁনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) গুনজিৎ ঠাকুৰীয়া, বিহপুৰীয়া শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক আব্দুৰ ৰাজ্জ্বাক উপস্থিত থাকে৷ সভাত বিশিষ্ট ব্যক্তি সকলে বৰ্তমান শিক্ষা ব্যৱস্থাক আগবঢ়ায় নিবলৈ কেনেদৰে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব লগতে বৰ্তমান কি কি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ইত্যাদি বিষয়ত পুংখানুপুংখ ভাৱে আলোচনা কৰা হয়।

সভাত লখিমপুৰ জিলাৰ জিলা উপায়ুক্ত সমিত চাত্তাৱানে সুন্দৰ ভাষণেৰে শিক্ষা বিভাগৰ কৰিবলগীয়া কামৰ দিশত সকলোকে আগবঢ়াই নিবলৈ আহ্বান জনায়। সভাত উপস্থিত থকা সকলো বিষয়াই লখিমপুৰ জিলাৰ শিক্ষা ব্যৱস্থা আগবঢ়ায় নিবলৈ সকলোৰে সহযোগিতা কামনা কৰে।

উক্ত সভাখনিৰ নেতৃত্ব বহন কৰে বিহপুৰীয়া শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক আব্দুৰ ৰাজ্জ্বাকে। লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল পদুম কোঁৱৰে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত সম্বৰ্ধনা অনুষ্ঠান ৰ আঁতধৰে প্ৰাক্তন সমল শিক্ষক তথা লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ সহকাৰী শিক্ষক গিৰিশ বৰাই৷

Also Read: ব্ৰিটিছে আমাৰ দেশক 'ইণ্ডিয়া' নাম দিছিল, ঔপনিবেশিক মনোভাৱৰ পৰা আমি মুক্ত হ'ব লাগিবঃ হিমন্ত বিশ্ব