/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/41f7165c-c69f-43aa-b92b-e82a664a4293/yuuu.jpg)
ডিজিটেল ডেস্কঃ বিহালী আৰক্ষী থানাত ভয়ংকৰ ঘটনা ৷ থানাৰ চৌহদত নিজক গুলী কৰি আত্মহত্যা কৰিলে কনিষ্টবলে(৪৪০) ললিত তেৰাঙে।
ললিত তেৰাং নামৰ কনিষ্টবলজনে নিজৰ চাৰ্ভিচ বন্দুক ৫.৫৬ ইনচাৰ্জ ৰাইফলেৰে কৰে আত্মহত্যা ৷ মৃত ললিত তেৰাংৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে ৷
থানাৰ পিছফালে শুকুৰবাৰে পুৱতি নিশা আত্মহত্যা কৰে কনিষ্টবল জনে ৷ পুৱাহে পোহৰলৈ আহে ললিতৰ আত্মহত্যাৰ কথা ৷ অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই কনিষ্টবল জনৰ আত্মহত্যাৰ কাৰণ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: ৭ হাজাৰৰো অধিক পদঃ স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিক বাধ্যতামূলক নহ'ব টেট