৭ হাজাৰৰো অধিক পদঃ স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিক বাধ্যতামূলক নহ'ব টেট

স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বাধ্যতামূলক নহ'ব টেট। এক গোচৰ সন্দৰ্ভথ ন্যায়ালয়ৰ মজিয়াচ এই কথা ব্যক্ত কৰিছে অসম চৰকাৰে।

author-image
Asomiya Pratidin
New Update
৭ হাজাৰৰো অধিক পদঃ  স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিক বাধ্যতামূলক নহ'ব টেট

ডিজিটেল ডেস্কঃ স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বাধ্যতামূলক নহ'ব টেট। এক গোচৰ সন্দৰ্ভথ ন্যায়ালয়ৰ মজিয়াত এই কথা ব্যক্ত কৰিছে অসম চৰকাৰে।সমগ্ৰ বিষয়টো সন্দৰ্ভথ অসম চৰকাৰে ন্য়ায়ালয়ত দাখিল কৰিছে এখন শপতনামা।

Advertisment

এই শপতনামাত উল্লেখ কৰা হৈছে যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটৰ প্ৰয়োজনীয়তা আঁতৰ কৰাৰ ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে নিযুক্তি আইন ২০১৮ আৰু ২০২০ সংশোধন কৰি হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী টেটৰ প্ৰয়োজনীয়তা আঁতৰ কৰাৰ বাবে কেবিনেটত প্ৰস্তাৱ দাখিল কৰিছে।

কেবিনেটে এই ক্ষেত্ৰত অনুমোদন জনালেই স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তিক বাধ্যতামূলক নহ'ব টেট। অসম চৰকাৰে শপতনামা আকাৰে এই স্থিতি প্ৰকাশৰ পাছতেই গোচৰটো নিষ্পত্তি কৰে ন্যায়ালয়ে।

উল্লেখ্য যে, ২০২২ চনৰ ২৮ ডিচেম্বৰত স্নাতক শিক্ষকৰ ৭,৭৭৬ টা আৰু স্নাতকোত্তৰ শিক্ষকৰ ১,৫০৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল।কিন্তু টেটৰ অৰ্হতা নথকাৰ বাবে এই পদ সমূহৰ বাবে আবেদন কৰাৰ পৰা বঞ্চিত হৈছিল বহু প্ৰাৰ্থী। কিয়নো ২০১৯ চনৰ পৰা ৰাজ্যত টেট অনুষ্ঠিত হোৱা নাই। তাৰ পাছতেই বহু সংখ্যক প্ৰাৰ্থী দ্বাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ।

Also Read: তীব্রবেগী বাহনে খুন্দা মাৰিলে দোকানত, আহত চালকসহ আন এজন