সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মীপ্ৰসাদ দেৱ গোস্বামীৰ বিয়োগ..

সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মীপ্ৰসাদ দেৱ গোস্বামীৰ বিয়োগ..

author-image
asomiyapratidin
New Update
সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মীপ্ৰসাদ দেৱ গোস্বামীৰ বিয়োগ..

ডিজিটেল সংবাদ গুৱাহাটী: অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক তথা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ আজি এক আগষ্টৰ পুৱা ৫ বজাৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৫৮ বছৰ।

Advertisment

যোৱা ২০ জুলাই তাৰিখে নগাঁৱত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ । মৰিগাঁও জিলাৰ শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰত ১৯৬৩ ৰ  ১২ বহাগত জন্ম গ্ৰহণ কৰা  অতি অমায়িক প্ৰ‌য়াত গোস্বামী সত্ৰখনৰ অন্যতম গুৰীয়াল আছিল। শংকৰী কৃষ্টি সংস্কৃতিত দক্ষতা থকাৰ লগতে  গায়ন-বায়ন, সুত্ৰধাৰ আৰু নাম লগুৱা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতি উপ সভাপতি, শ্ৰী শ্ৰী শংকৰদেৱ কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক, ৰংমিলি বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক আছিল। নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন সত্ৰীয়া অনুষ্ঠানৰ লগতে সামাজিক অনুষ্ঠানৰে ঘনিষ্ঠভাৱে জড়িত গোস্বামীৰ মৃত্যুৰ খবৰে সমগ্ৰ জিলা দুখনত শোকৰ ছাঁ পৰিছে।

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসমৰ সত্ৰ সমাজৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে । তদুপৰি গোস্বামীৰ মৃত্যুত সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফৰাম, অসম কৰ্মচাৰী পৰিষদ, শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰ , শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল, কুজিসত্ৰ সৌমাৰ সংঘ, অসম সাহিত্য সভাৰ নগাঁও আৰু মৰিগাঁও জিলা সমিতি, পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলে গভীৰ শোক প্ৰকাশ কৰিছে।

আৰু পঢ়কঃ অমিত শ্বাহ নহয় নৰেন্দ্ৰ মোডীয়েই হ'ব ২০২৪ ত বিজেপিৰ প্ৰধানমন্ত্ৰী !

assam lakshmiprasad-dev-goswami--demise