অমিত শ্বাহ নহয় নৰেন্দ্ৰ মোডীয়েই হ’ব ২০২৪ ত বিজেপিৰ প্ৰধানমন্ত্ৰী !

অমিত শ্বাহ নহয় নৰেন্দ্ৰ মোডীয়েই হ’ব ২০২৪ ত বিজেপিৰ প্ৰধানমন্ত্ৰী !

ডিজিটেল ডেস্কঃ অমিত শ্বাহ নহয়, নৰেন্দ্ৰ মোডীয়েই হ'ব ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ। এই কথা ঘোষণা কৰিলে অমিত শ্বাহে নিজেই। সংবাদ মাধ্যমত শেহতীয়াকৈ চৰ্চিত এক বিষয় আছিল ২০২৪ ত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ বাবে দাবীদাৰ হ'ব বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ। কিন্তু এই চৰ্চাৰ মাজতে দেওবাৰে অমিত শ্বাহে ঘোষণা কৰা এই কথাই এতিয়া ৰাজনৈতিক মহলৰ সমীকৰণ সলনি কৰিলে।

২০১৪ চনত কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী নিজেই এক বৃহৎ ফেক্টৰ আছিল। মোডীৰ চুনামীৰ বাবেই দেশত আহিছিল পৰিৱৰ্তন। মোডীৰ বডী লেংগুৱেজ, উদাত্ত ভাষণে কংগ্ৰেছৰ অপশাসন পৰা দেশক মুক্ত কৰিবলৈ জনসাধাৰণৰ মাজত এক ঢৌ কঢ়িয়াই আনিছিল। যি ঢৌত উটি গৈছিল দুৰ্নীতিৰ বোকাৰে লুতুৰি-পুতুৰি হোৱা কংগ্ৰেছ।

অৱশ্যে দেশবাসীয়ে মোডীৰ চমকলগা প্ৰচাৰৰ মাজেৰে যি আশা আৰু আকংক্ষাৰে কংগ্ৰেছক প্ৰত্যাখান কৰি বিজেপিক শাসনৰ দায়িত্ব দিছিল সেই আশা আৰু আকাংক্ষা বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত নহ'ল। যাৰ বাবে ২০১৯ ত বিজেপিয়ে ২০১৪ ৰ তুলনাত আৰু অধিক চমক সৃষ্টিৰে প্ৰচাৰ চলাবলৈ বাধ্য হ'ল।

পূৰ্বৰ তুলনাত হ্ৰাস হোৱা প্ৰধান মন্ত্ৰী মোডীৰ জনপ্ৰিয়তা অটুট ৰাখিবলৈ বিজেপিয়ে প্ৰতিদিনে ন ন কৌশলেৰে প্ৰচাৰ চলাই আহিছে। সেয়া যিয়েই নহওক কিয় ২০১৪ তুলনাত বহু পৰিমাণে হ্ৰাস হোৱা মোডীৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি ২০২৪ ত তেওঁৰ বিকল্পৰ সন্ধান কৰিব বুলিও চৰ্চা চলিছিল।

বহুতেই মুকলিকৈ বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কল্পনা কৰিছিল। বিজেপিত এতিয়া মোডীৰ তুলনাত অমিত শ্বাহৰ শিবিৰৰ শক্তি বেছি বুলিও বিজেপি সূত্ৰতে প্ৰকাশ পাই আহিছে। তেনে পৰিস্থিতিত অমিত শ্বাহে পুনৰ নৰেন্দ্ৰ মোডীয়েই দলটোৰ প্ৰধানমন্ত্ৰী মুখ হ'ব বুলি ঘোষণা কৰা কাৰ্য ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে পাটনাত অনুষ্ঠিত দুদিনীয়া যুটীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অধিৱেশনত সভাপতিত্ব কৰিছিল। এই সভাতেই তেওঁ অমিত শ্বাহে কয় যে, বিজেপি আৰু জেডিইউয়ে ২০২৪ চনত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ লগতে তেওঁ ঘোষণা কৰে যে নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in