চিলাপথাৰৰ লামা বৰগৰাত লক্ষ্মী পূজাৰ সফল সামৰণি

চিলাপথাৰৰ লামা বৰগৰাত লক্ষ্মী পূজাৰ সফল সামৰণি

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ লামা বৰগৰাত লক্ষ্মী পূজাৰ সফল সামৰণি

ডিজিটেল সংবাদ, চিলাপথাৰঃ তিনিদিনীয়া কাৰ্যসুচীৰে চিলাপথাৰৰ ডিমৌ লামাবৰগৰাত আয়োজিত ২৩ সংখ্যক লক্ষ্মী পূজাৰ সোমবাৰে সফল সামৰণি পৰে। অন্তিম দিনটোৰ পুৱাৰে পৰা বিভিন্ন মাংগলিক কৰ্মাদি সম্পন্ন হোৱাৰ পিছতে সন্ধিয়াৰ পৰা আৰম্ভ হল অনন্য গীত নৃত্যৰ অনুষ্ঠান।

Advertisment

সুকণ্ঠি গায়িকা জিন্তি পাঙিং, মিন্তু দলে, মনোজ উপাধ্যায়, গোবিন হাজৰিকা আদি কেইবাজনো জনপ্ৰীয় শিল্পীৰ গীতেৰে জিপাল হৈ থাকে অনুষ্ঠানটো। এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীতেৰে কণ্ঠশিল্পীকেইগৰাকীয়ে মূহিলে দৰ্শক ৰাইজক।

ডিমৌ লামা বৰগৰা এ’পল ইলেভেন যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত পূজাৰ অন্তিম দিনটোৰ মূল কাৰ্যসুচীৰ পূৰ্বে অসমীয়া, মিচিং,নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীয় গীত নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

Also Read: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

lakhmi puja