/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1801e049-e574-4e37-9943-71601528afdf/harhi_21.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত বিগত ১৯৭৪ চনৰ পৰাই গুণগত আৰু উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান আগবঢ়াই আহিছে হাৰ্হি একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ে। বিগত এই সুদীৰ্ঘ পৰিক্ৰমাত বিদ্যাৰ্থীসকলৰ আধ্যাত্মিক আৰু বৌদ্ধিক কর্ষণৰ লগতে সাম্প্ৰতিক সময়ৰ সতে খোজ মিলাই যাব পৰালৈ এক সুস্থ বিদ্যায়তনিক পৰিবেশ গঢ় দিয়াত বিদ্যালয় পৰিয়ালে প্ৰতিষ্ঠা কালৰে পৰাই যৎপৰোনাস্তি প্ৰয়াস চলাই আহিছে ।
এনে প্ৰেক্ষাপটত বিদ্যালয়খনত দীৰ্ঘ কাল ধৰি অনুভৱ কৰি অহা হৈছিল এক বিজ্ঞান সন্মত এটা পুথিভঁৰালৰ। বিদ্যালয় পৰিয়ালৰ এই কৌটি কলীয়া অভাৱ সমস্যাৰ অৱশেষত পৰিসমাপ্তি ঘটিল ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ উদ্যোগত এই অভাৱৰ স্থায়ী সমাধান মুখ দেখিলে শিক্ষানুষ্ঠানখনে । বুধবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৰ্থ সাহায্যৰে বিদ্যালয়খনত আধাৰশিলা স্থাপন কৰা হ'ল এটা বিজ্ঞানসন্মত পুথিভঁৰাল নিৰ্মাণ কাৰ্যৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3e0c36c4-5a57-444e-96b3-0848333fca28/5c6c3eb7_4e81_404b_9cda_83fad7aa7ed3.jpg)
বুধবাৰে বিদ্যালয় প্ৰাঙ্গনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে আবন্তিত প্ৰায় ১৬ লাখ পুঁজিৰে নিৰ্মান হ'বলগীয়া এই পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে শিঙিয়া পঞ্চায়তৰ সভাপতি কৰিশ্মা গগৈ আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ঠানুৰাম বড়াই।
বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষাৰ্থী ,কৰ্মচাৰী , বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া, স্থানীয় শিক্ষাসদী, অভিভাৱকসকলৰ লগতে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ উপস্থিতিত এই নিৰ্মান কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰবীণ শিক্ষাবিদ হেম বৰুৱা,পৃথু বৰা, বিদ্যালয়খনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সতে জড়িত কৰ্মচাৰী নবীন শইকীয়া, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ধনদা পাঁচনি, প্ৰবীণ সমাজকর্মী যতীন বৰুৱা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন শৰ্মা, প্ৰধান শিক্ষক অৰুণজ্যোতি চুতীয়া আদিৰ উপস্থিতিত আধাৰশিলা স্থাপন অনুষ্ঠানৰ প্ৰথমে ফিটা কাটি পৰবৰ্তী সময়ত নাৰিকল ভাঙি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে পঞ্চায়ত প্ৰতিনিধি কৰিশ্মা গগৈ আৰু প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ঠানুৰাম বড়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/356ec46b-f618-4177-a334-81b06195f45e/da61d3b4_22c8_4372_b40a_657fc071c149.jpg)
বিদ্যালয়ৰ সহকাৰী শিক্ষক ক্ষীৰোদ বৰুৱাই আঁত ধৰা এই সন্দৰ্ভত অনুষ্ঠিত চমু সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ জ্যোতি চুতীয়া, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ঠানুৰাম বড়া আৰু পঞ্চায়ত সভানেত্ৰী কৰিশ্মা গগৈযে বক্তব্য আগবঢ়াই। বিদ্যালয়খনত আধাৰশিলা স্থাপন কৰা এই আঁচনিৰ সঠিক ৰূপায়ন হলে বিদ্যালয়খনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক ক্ষেত্ৰত বহুলাংশে উপকৃত হ'ব বুলি শিক্ষাসদী ৰাইজ আশাবাদী।
Also Read: দুই বেডমিণ্টন যুটি সৎৱিক ছাইৰাজ আৰু চিৰাগলৈ খেলৰত্ন বঁটাঃ মহম্মদ ছামিলৈ অৰ্জুন বঁটা...