Advertisment

নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু : বিহপুৰীয়াত ব্যাপক প্ৰতিক্ৰিয়া

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ বিৰুদ্ধে সতকাই বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বিহপুৰীয়া নগৰস্থিত নৰ্থ লখিমপুৰ ৰিহেবিট ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

author-image
Asomiya Pratidin
New Update
ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী…

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ বিৰুদ্ধে সতকাই বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বিহপুৰীয়া নগৰস্থিত নৰ্থ লখিমপুৰ ৰিহেবিট ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

Advertisment

যোৱা ১৮ ডিচেম্বৰত পৰিয়ালৰ সন্মতি সাপেক্ষেই স্থানীয় বৰাইখনাৰ চোটলাল মালাৰ একমাত্ৰ পুত্ৰ তথা সুৰাপায়ী যুৱক জিতেন মালা(৩২) ক ভৰ্তি কৰা হৈছিল কেন্দ্ৰটিত ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২১ ডিচেম্বৰৰ দিনা মৃত্যুক সাৱটি লয় যুৱকজনে ৷

মৃত যুৱকজনৰ পৰিয়ালে আজি অভিযোগ কৰা অনুসৰি নিচামুক্তি কেন্দ্ৰটিত মাৰ ধৰ কৰা বাবেই মৃত্যু হ’ল যুৱকজনৰ ৷ বিশেষকৈ যুৱক জন অসুস্থ হোৱা বুলিও কেন্দ্ৰৰ তৰফৰ পৰা পৰিয়ালক নজনোৱাকৈয়ে লখিমপুৰ মেডিকেল কলেজৰ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে যুৱক জনৰ মৃত্যু হয় ৷

মৃত্যুৰ পাছতহে পৰিয়ালক যুৱক জনৰ মৃত্যুৰ খবৰ দিয়া কাৰ্যত ৰহস্যৰ গোন্ধ পাইছে যুৱক জনৰ পৰিয়ালবৰ্গই ৷ আনকি ঘটনা সম্পৰ্কত আৰক্ষীকো জনোৱা নাছিল কেন্দ্ৰটিয়ে ৷

যোৱা ২২ ডিচেম্বৰৰ দিনা কেন্দ্ৰ অথবা পৰিয়ালে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে যুৱক জনৰ মৃতদেহ সৎকাৰ কৰাৰ পাছত আজি যুৱক জনৰ পৰিয়ালে নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বিহপুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ইপিনে নিচামুক্তি কেন্দ্ৰৰ পৰিচালক তথা পূৰ্বে ড্ৰাগছ আসক্ত লক্ষিনাৰায়ণ গগৈ ওৰফে লাটুৰ লগত এই সম্পৰ্কত যোগাযোগ কৰিবলৈ যত্ন কৰা হৈছিল যদিও যুৱক জনে সাংবাদিকক সাক্ষাতৰ পৰা বিৰত থাকে ৷  

কেন্দ্ৰটিৰ এজন কৰ্মচাৰীয়ে নিচাসক্ত যুৱক জনৰ মৃত্যু স্বাভাৱিক ভাৱেই হোৱা বুলিহে সাংবাদিকৰ আগত অৱগত কৰে । উল্লেখযোগ্য যে নিচাসক্ত একমাত্ৰ পুত্ৰৰ আকস্মিক মৃত্যুত দিকবিদিক হেৰুৱাই পেলোৱা পিতৃয়ে ঘটনাৰ এক উচিত তদন্ত দাবী কৰিছে ৷ অৱশ্যে আৰক্ষীৰ প্ৰকৃত তদন্তই হে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আনিব। 

বিহপুৰীয়া নিচামুক্তি কেন্দ্ৰ