/asomiyapratidin/media/media_files/2025/04/07/Ko2u2PzdhsVDWeS5k2Zd.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: পুনৰ এজন শ্ৰমিকে প্ৰাণ হেৰুৱালে কালিকা লগা নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত । সোমবাৰে বিয়লি জলবিদ্যুৎ প্ৰকল্পটোত কৰ্মৰত অস্থায়ী শ্ৰমিক মনোজ সোণোৱালে প্ৰাণ হেৰুৱালে।
জানিব পৰা মতে ২৬ বছৰীয়া যুৱক শলখবাৰীৰ মনোজ সোণোৱালে প্ৰায় ১১৬ ফুট উচ্চতাত কাম কৰি থকা অৱস্থাতে অকস্মাত এখন ক্রেণৰ যন্ত্ৰৰ অংশসহ তললৈ পৰি যায় । পৰিণতিত থুলন্তৰ যুৱকজনে নিৰ্মমভাৱে অকাল মৃত্যুক সাৱটি লব লগা হয় ঘটনাস্থলীতে ।
ঘটনাৰ পাছতে যুৱকজনক স্থানীয় চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। জলবিদ্যুৎ প্ৰকল্পটোত ইজনৰ পাছত সিজন থলুৱা শ্ৰমিকৰ এনে মৃত্যুৰ খবৰে সমগ্ৰ গোগামুখতে শোকৰ বন্যা বোৱাইছে।