আঁহতগুৰি মহোৎসৱত অঘটন, মঞ্চত সেৱা কৰি থাকোতেই ঢলি পৰি মৃত্যুক সাৱটিলে ভক্তই...

চৰণেহে যানে মৰণৰ ঠাই । মাজুলীৰ ঐতিহাসিক আঁহতগুৰিৰ শিকলি চাপৰিত সোমবাৰে মাজনিশা ঘটিল অঘটন।
ঢলি পৰি মৃত্যুক সাৱটিলে  ভক্তই
ঢলি পৰি মৃত্যুক সাৱটিলে ভক্তই

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ চৰণেহে যানে মৰণৰ ঠাই । মাজুলীৰ ঐতিহাসিক আঁহতগুৰিৰ শিকলি চাপৰিত সোমবাৰে মাজনিশা ঘটিল অঘটন।ভাওনাৰ মঞ্চত সেৱা কৰি থাকোতেই হঠাৎ ঢলি পৰি থিতাতে মৃত্যু মুখত পৰে আঁহতগুৰি সন্মিলনৰ সমন্বয়ক তথা নাৰায়ণপুৰৰ যমুনাখাত গাঁৱৰ বাসিন্দা,অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ নেওগ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ মনিকাঞ্চন সংযোগৰ ৫০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে মাজুলীৰ ঐতিহাসিক আঁহতগুৰি মৌজাৰ শিকলি চাপৰিত ২৬ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আঁহতগুৰি উৎসৱ ।

উৎসৱত অংশগ্ৰহণৰ বাবে নাৰায়ণপুৰৰ পৰা আহিছিল সমন্বয়ক ৰামেশ্বৰ নেওগ । ঐতিহাসিক আঁহতগুৰি উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰী নিশাৰ ভাগত মঞ্চস্থ হৈছিল "ৰাম পৰাজয় সীতা পাতালে গমন" ভাওনা । উক্ত ভাওনা ভাগ দৰ্শন কৰি উপস্থিত অন্যান্য সকলৰ লগতে মন্ত্ৰমুগ্ধ হৈ পুৰস্কাৰ প্ৰদানৰ বাবে মঞ্চত প্ৰৱেশ কৰিছিল সৰবৰহী ব্যক্তি ৰামেশ্বৰ নেওগ।

পুৰষ্কাৰ প্ৰদান কৰি ভাৱৰীয়া সকলক উদ্দেশ্যি ভাষণো প্ৰদান কৰিছিল তেওঁ । সেইখিনি লৈকে সকলো ঠিকেই আছিল । ভাষণ প্ৰদানৰ পিছতে প্ৰেক্ষাগৃহত সমবেত সহস্ৰাধিক দৰ্শকৰ ওচৰত সেৱা লৈছিল লোক জনে । সত্ৰাধিকাৰ কমল নাৰায়ণ গোস্বামীয়ে আশীৰ্বাদ প্ৰদান কৰি থকা অৱস্থাতে হঠাত ঢলি পৰা লোক জনে সেই স্থানতে আকস্মিক মৃত্যুক সাবটি লয় ।

শেষ সেবা
শেষ সেবা

হঠাৎ সংঘটিত হোৱা এই ঘটনাৰ পিছতে হুৱাদুৱা লাগে উদ্যোক্তা আৰু উৎসৱস্থলীত উপস্থিত থকা সহস্ৰাধিক দৰ্শকৰ মাজত । কিংকৰ্তব্য বিমোৰ হৈ পৰাৰ লগতে সৰবৰহী লোক জনৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰে আঁহতগুৰি উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তা সকল।পৰৱৰ্তী সময়ত উৎসৱ স্থলীৰ সমীপৰ স্থানীয় এঘৰত মৃতদেহ ৰাখি নিশাই প্ৰয়াত ৰামেশ্বৰ নেওগৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে আঁহতগুৰি উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে আৰু পুৱাৰ ভাগত আঁহতগুৰি উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত এখন সুবিশাল নাৱত মহাবাহু ব্ৰহ্মপুত্ৰৰে নাৰায়ণপুৰৰ যমুনাখাত গাঁৱৰ নিজ গৃহলৈ লৈ আহে মৃতদেহ।

উল্লেখ্য যে আঁহতগুৰি উৎসৱ উদযাপন সমিতিৰ সমন্বয়কৰ দায়িত্বত থকা অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ নেওগে পত্নী, দুই বোৱাৰী আৰু দুটি নাতিৰ সৈতে তিনিদিন পূৰ্বে আঁহতগুৰি উৎসৱলৈ বুলি গৈছিল।বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট সমাজ সংগঠক, সৰবৰহী ব্যক্তি,যমুনাখাত মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ নেওগৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজুলীৰ ঐতিহাসিক আঁহতগুৰি মৌজাৰ লগতে নাৰায়ণপুৰৰ যমুনাখাত গাঁৱতো গভীৰ শোকৰ চাঁ পৰিছে ।

প্ৰয়াত ৰামেশ্বৰ নেওগৰ আকস্মিক মৃত্যুত আঁহতগুৰি উৎসৱ উদযাপন সমিতি, বে-চৰকাৰী সামাজিক সংগঠন মাজুলী সাহিত্য, মনিকাঞ্চন সন্মিলন, যমুনাখাত নামঘৰ পৰিচালনা সমিতি, অন্বেষা গোষ্ঠী,অ ন্বেষা মইনা পাৰিজাত, যমুনাখাত মহিলা সমিতি, আঁহতগুৰি সত্ৰ পৰিচালনা সমিতি, খেৰাজখাত শংকৰজ্যোতি জন্মোৎসৱ সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।প্ৰয়াত ৰামেশ্বৰ নেওগে মৃত্যুৰ সময়ত পত্নী,তিনি পুত্ৰ-বোৱাৰী,এগৰাকী কন্যা-জোৱাই,নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

ঢলি পৰি মৃত্যুক সাৱটিলে  ভক্তই
তেজপুৰত অনুষ্ঠিত হ’ব ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in