লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়লৈ VCI ৰ স্বীকৃতি...

লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়লৈ VCI ৰ স্বীকৃতি...

author-image
Asomiya Pratidin
New Update
লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়লৈ VCI ৰ স্বীকৃতি...

লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়লৈ VCI ৰ স্বীকৃতি...

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ বাবে ভালখবৰ৷ ২০২২ ৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ভেটৰনেৰী কাউন্সিল অফ ইণ্ডিয়াৰ অনুমোদন।

উল্লেখ্য যে স্থাপন হোৱাৰ সুদীৰ্ঘ ৩৬ বছৰ পাছত পশু চিকিৎসা মহাবিদ্যালয়খনে এই অনুমোদন লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ লোকসকল। লখিমপুৰ জিলাৰ জহিঙত অৱস্থিত এই পশু চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে ভাৰত চৰকাৰে গেজেট নটিফিকেচনৰ জৰিয়তে এই অনুমোদন জনাইছে।

উল্লেখ্য যে, এই পশু চিকিৎসা মহাবিদ্যালয়খনত পাঠদান চলি আছিল যদিও ২০২২ তহে আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল। ইয়াৰ পাছত শেহতীয়াকৈ ভি চি আইৰ স্বীকৃতিয়ে চিকিৎসা মহাবিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিলে।

ফলত এতিয়া মহাবিদ্যালয়খনে ইণ্ডিয়ান চেণ্টাৰ ফৰ এগ্ৰীকালচাৰ ৰিচাৰ্ছৰ আৰ্থিক অনুদান লাভ কৰিব।

Also Read: এছিয়াৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদ আৰু নাই...

লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়