/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/06c42892-d67a-4fb0-baae-e9c6a8a46ebc/ghilamara_8.jpg)
ঘিলামৰাৰ কঢ়া নদীৰ বুকুত অৰ্ধগলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: এটা অৰ্ধগলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গোপালপুৰ অঞ্চলৰ কঢ়া নদীৰ পানী যুৱলীত সোমবাৰে পুৱা উদ্ধাৰ কৰা হয় মৃতদেহটো।
ট্ৰেক পেন্ট আৰু টি চাৰ্ট পৰিহিত প্ৰায় ৪০ বছৰীয়া পুৰুষ ব্যক্তিজনৰ অৰ্ধগলিত মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গোপালপুৰ গাঁওৰক্ষীক অৱগত কৰে । পৰৱৰ্তী সময়ত ঘিলামৰাৰ আৰক্ষীক খবৰ দিয়ে গাঁওৰক্ষী বাহিনীয়ে ।
ঘিলামৰাৰ আৰক্ষী আৰু ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শুধন্য শুক্লবৈদ্য কঢ়া নদীৰ পাৰত উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰৰ পাছত চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।
আশঙ্কা কৰা মতে প্ৰায় ৩ দিন মানৰ পূৰ্বে নদীত পৰি মৃতদেহটো উটি উক্ত স্থানত ৰৈছিল । অদ্যপি চিনাক্ত নোহোৱা মৃতদেহটো উদ্ধাৰ সন্দৰ্ভত এটা ইউ ডি গোচৰ পঞ্জীভূত হৈছে ঘিলামৰা আৰক্ষী থানাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us