মাতমৰাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাত শুকুৰবাৰে সন্ধিয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি অহা এজন পুৰুষ ব্যক্তিৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। 

author-image
Asomiya Pratidin
New Update
ধুবুৰী কাণ্ডৰ নতুন মোৰ! অভিযোগ দিয়া ডিএফঅ’ৰ বিৰুদ্ধে হ’ব তদন্ত, ধুবুৰী আৰক্ষী অধীক্ষককো অপসাৰণ কৰাৰ সম্ভাৱনা!

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাত শুকুৰবাৰে সন্ধিয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি অহা এজন পুৰুষ ব্যক্তিৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। 

ইয়াৰ পিছতে এই বিষয়ে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক অৱগত কৰে। ঢকুৱাখনা আৰক্ষীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে।

লংপেন্ট ,চাৰ্ট পৰিহিত প্ৰাপ্তবয়স্ক ব্যক্তিগৰাকীৰ কঁকালত এখন দীঘল দা বান্ধি থোৱা আছে আৰু হাত এখন নোহোৱা বুলি প্ৰত্যক্ষদর্শীযে জনাইছে। ব্যক্তিজনে ডালমিয়া চিমেণ্টৰ এটা টি চাৰ্ট পিন্ধি আছে ।

আৰক্ষীয়ে উদ্ধাৰ কৰা অৰ্ধগলিত মৃতদেহতো অদ্যপি চিনাক্ত হোৱা নাই।

ঢকুৱাখানা মৃতদেহ উদ্ধাৰ