সঞ্জয় নাথে আজিও নাপালে ন্যায়ঃ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ ট্ৰাক চালক সংস্থাৰ

অসমৰ ট্ৰাক চালকক অৰুণাচলত নিৰ্মম হত্যা কাণ্ডৰ ঘটনাকলৈ চিলাপথাৰৰ মাদুৰিপথাৰত সংবাদমেল । তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে ৫ মাৰ্চৰ পৰা পুনৰ কৰ্মবিৰতি ঘোষণা ।

author-image
Asomiya Pratidin
New Update
সঞ্জয় নাথে আজিও নাপালে ন্যায়ঃ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ ট্ৰাক চালক সংস্থাৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ যোৱা ২২ আগষ্টত অৰুণাচললৈ ইটা কঢ়িয়াই নিয়া ট্ৰাক চালক তথা লিকাবালি আলিকাষৰ নিবাসী সঞ্জয় নাথক ডাপৰিজু নামৰ ঠাইৰ পৰা অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি অমানুষিক অত্যাচাৰ কৰি হত্যা কৰি সোৱণশিৰি নৈৰ বালিচৰত পুতি থোৱাৰ এক ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ অভিযানত এই সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই উদ্ধাৰ কৰা হয় অসমৰ ট্ৰাক চালক সঞ্জয় নাথৰ মৃতদেহ। 

ইয়াৰ পিছতে এই ঘটনাক লৈ দুয়োখন ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ চাঞ্চল্য সৃষ্টি হৈছিল। তাৰ মাজতেই মৃত সঞ্জয় নাথৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে আৰু মৃত সঞ্জয় নাথৰ পৰিয়ালক ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল ট্ৰাক ড্ৰাইভাৰ সংস্থাই। 

তাৰোপৰি ট্ৰাক ড্ৰাইভাৰ সংস্থাই এই দাবী সম্বলিত স্মাৰক পত্ৰ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি দাবী পূৰণ নকৰা পৰ্যন্ত কৰ্ম বিৰতি ঘোষণা কৰিছিল। তেওঁলোকৰ কৰ্ম বিৰতিত দুয়োখন ৰাজ্য যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাত ৰাজ্য দুখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক পৰ্যায়ৰ এক বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকত ট্ৰাক চালক সন্থাৰ প্ৰতনিধিও উপস্থিত থাকে। 

বৈঠকত ট্ৰাক চালক সন্থাৰ দুয়োটা দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ঘটনাৰ সাতমাহ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত মূল অভিযুক্ত টাবু দনিকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। তাৰোপৰি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অৰুণাচল চৰকাৰে আজি পৰ্যন্ত ভুক্তভোগীৰ পৰিয়ালক কোনো ক্ষতিপূৰণ প্ৰদান নকৰিলে। 

সেয়ে পুনৰ ক্ষোভ প্ৰকাশ কৰিছে ট্ৰাক চালক সংস্থাই। তেওঁলোকে এক সংবাদ মেলৰ জৰিয়তে পূৰ্বৰ প্ৰতিশ্ৰুতি পালনৰ বাবে ২ মাৰ্চ চূড়ান্ত সীমা নিৰ্ধাৰণ কৰি দিছে।  অন্যথা পুনৰ অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।

অৰুণাচল হত্যাকাণ্ড চিলাপথাৰ